খেৰচনৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ ঘোষণা; নাটো মুৰব্বীৰ প্ৰতিক্ৰিয়া, কি ভাৱে ইউক্ৰেইনে?

ৰাছিয়াই ইউক্ৰেইনৰ খেৰচন চহৰৰ পৰা সেনা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে। বুধবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই চইগুৱে ৰাছিয়াৰ অধিকৃত খেৰচন চহৰৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়ে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ছেপ্টেম্বৰত অনুষ্ঠিত গণভোটত ৰাছিয়াই ইয়াৰ অংশ কৰি লোৱা ইউক্ৰেইনৰ চাৰিটা অঞ্চলৰ ভিতৰত খেৰচন আছিল অন্যতম।

লগতে পঢ়ক: প্ৰেমৰ টান! প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ ‘আধ্যাত্মিক গুৰু’ৰ বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে

খেৰচন চহৰখন নিপাহ নদীৰ পশ্চিম পাৰত অৱস্থিত। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে  সেনাসকলক খেৰচন চহৰখনৰ পৰা আহি নিপাহ নদীৰ পূব পাৰত অৱস্থান ল’বলৈ নিৰ্দেশ দিছে।

ইউক্ৰেইনৰ সহযোগী পশ্চিমীয়া সামৰিক মিত্ৰজোঁটৰ (নাটো) মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে খেৰচনৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ বিষয়ে কৈছে। তেওঁ কয় যে ৰাছিয়াই যথেষ্ট চাপৰ সন্মুখীন হৈছে।

ইটালীৰ নতুন প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ সৈতে কথা পাতি জেনছ ষ্টলটেনবাৰ্গে এই মন্তব্য কৰে। নাটো প্ৰধানজনে কয়, “ৰাছিয়াই খেৰচনৰ পৰা সেনা প্ৰত্যাহাৰ কৰিলে ই হ’ব ইউক্ৰেইনৰ বাবে আন এক বিজয়।”

লগতে পঢ়ক: বৃত্তি কেলেংকাৰীত বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ

অৱশ্যে ইউক্ৰেইনে ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ ঘোষণাক লৈ সন্দেহ প্ৰকাশ কৰিছে। কিয়েভে ধাৰণা কৰে যে ৰাছিয়াই সেনা প্ৰত্যাহাৰৰ কথা কৈ ইউক্ৰেইনৰ সেনাসকলক মাতি আনি আক্ৰমণ কৰিব। ইউক্ৰেইনৰ বাহিনীয়ে পৰিকল্পনা অনুসৰি প্ৰত্যাক্ৰমণ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে।