• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমৰ টান! প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ ‘আধ্যাত্মিক গুৰু’ৰ বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2022 4:48 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Princess Martha Louise of Norway gives up royal duties নৰৱেৰ ৰাজকুমাৰী মাৰ্থা লুইছ। আফ্ৰিকান বংশোদ্ভূত আমেৰিকান ডুৰেক ভেৰেট নামৰ তেওঁৰ প্ৰেমিকৰ বাবে ত্যাগ কৰিলে সিংহাসন। এতিয়া তেওঁ বাগদত্তাৰ সৈতে যৌথভাৱে বিকল্প ঔষধ ব্যৱসায়ত মনোনিৱেশ কৰিব। মাৰ্থাই মঙলবাৰে ৰাজপৰিয়ালক তেওঁৰ সিদ্ধান্ত জনাই দিয়ে।

মাৰ্থা লুইছৰ বয়স ৫১ বছৰ। বাগদত্তা ডুৰেক ভেৰেটৰ বয়স ৪৭ বছৰ। ডুৰেক এজন স্বঘোষিত ‘স্যামন’ (আধ্যাত্মিক গুৰু)। ডুৰেক হলিউডতো বহুত জনপ্ৰিয়। ডুৰেকৰ সৈতে মাৰ্থাৰ সম্পৰ্কৰ বাতৰিয়ে সমগ্ৰ নৰৱেত ব্যাপক তোলপাৰ লগাইছিল। ডুৰেকৰ আগৰ পাঁচ প্ৰজন্মও স্যামন আছিল।

ডুৰেকে বিভিন্ন ধৰণৰ মন্তব্য কৰি বাৰে বাৰে বিতৰ্কত লিপ্ত হৈছে। ডুৰেকে তেওঁৰ ‘স্পিৰিট হেকিং’ নামৰ কিতাপখনত দাবী কৰিছিল যে এজন মানুহে কৰ্কট ৰোগক নিজৰ ইচ্ছাত শৰীৰত বাহ সাজিবলৈ দিয়ে। তেতিয়াই ডুৰেক বিতৰ্কৰ সন্মুখীন হয়।

Apply Now

ডুৰেকৰ নিজা ৱেবছাইটও আছে। কৰোনা কালত তেওঁ সেই ৱেবছাইটৰ পৰা ২২২ডলাৰত ‘স্পিৰিট অপ্টিমাইজাৰ’ নামৰ এটা পাথৰ বিক্ৰী কৰিছিল,যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ২৩ হাজাৰ টকা। ৱেবছাইটটোত তেওঁ দাবী কৰিছিল যে এই পাথৰটোৱে তেওঁক কৰোনাৰ পৰা আৰোগ্য হোৱাত সহায় কৰিছিল।

নৰৱেৰ ৰাজপৰিয়ালৰ জনপ্ৰিয়তা মাৰ্থা আৰু ডুৰেকৰ মাজৰ সম্পৰ্ক মুকলিকৈ প্ৰকাশ পোৱাৰ পিছত হ্ৰাস পাইছে। মঙলবাৰে ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত মাৰ্থাই কয় যে তেওঁ “ৰাজপৰিয়াললৈ শান্তি আনিবলৈ”ৰাজপাট এৰিছে।

ৰাজকুমাৰী হোৱাৰ লগতে মাৰ্থা ৰাজপৰিয়ালৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ দায়িত্বতো আছিল। তেওঁক সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। ৰাজপৰিয়ালে এক বিবৃতিত কয় যে ৰাজকুমাৰী মাৰ্থা আৰু ৰাজকীয় পৃষ্ঠপোষক হিচাপে নাথাকে। কোৱা হৈছে যে তেওঁ আৰু ৰাজপৰিয়ালক প্ৰতিনিধিত্ব নকৰে। কিন্তু ৰজাৰ ইচ্ছা অনুসৰি তেওঁ সদায় ৰাজকুমাৰী হৈ থাকিব।

যোৱা জুন মাহত আধ্যাত্মিক গুৰু ডুৰেকৰ সৈতে বাগদান হোৱাৰ পিছৰে পৰা দম্পতীহালৰ বৈকল্পিক ঔষধৰ ওপৰত বিশ্বাস সন্মুখলৈ আহিছে। বহুতো চিকিৎসকে মাৰ্থা আৰু ডুৰেকক বিকল্প ঔষধৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে ৰাজহুৱাভাৱে সমালোচনা কৰিছে।

ডুৰেকৰ বিষয়ে ক’বলৈ গৈ ৰজা হেৰল্ডে সাংবাদিকৰ আগত কয়, “বহুতো বিষয়ত ৰাজপৰিয়ালৰ সৈতে বহুতো পাৰ্থক্য আছে। অৱশ্যে আমি আমাৰ মতামত লৈয়ে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো।”

ৰাজপৰিয়ালেও বৈকল্পিক ঔষধৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। এক বিবৃতিত ৰাজপৰিয়ালে কৈছিল যে নৰৱেৰ স্বাস্থ্য সেৱা আৰু চিকিৎসকসকলৰ ওপৰত ইয়াৰ সম্পূৰ্ণ বিশ্বাস আছে।

ইপিনে, মাৰ্থাই দাবী কৰে যে তেওঁ গৱেষণা-আধাৰিত চিকিৎসা বিজ্ঞানৰ গুৰুত্বৰ বিষয়ে অৱগত। কিন্তু বৈকল্পিক চিকিৎসা পদ্ধতিৰ ওপৰতো তেওঁৰ সম্পূৰ্ণ আস্থা আছে।তেওঁ কয়, “আধ্যাত্মিকতা, জীৱ-জন্তুৰ সৈতে ঘনিষ্ঠতা, যোগ আৰু ধ্যান গুৰুত্বপূৰ্ণ বিকল্প ঔষধ হ’ব পাৰে। পৰিপূৰক হ’ব পাৰে বন্ধুত্বপূৰ্ণ হাত, এটি আকুপাংচাৰ বেজী আৰু আনকি এটা পাথৰো।”

অৱশ্যে তেওঁ দাবী কৰে যে এই মতামত তেওঁৰ ব্যক্তিগত আৰু সেয়েহে তেওঁ নিজকে ৰাজপৰিয়ালৰ পৰা পৃথক কৰিছে। মাৰ্থাৰ আগতে এবাৰ বিয়া হৈছিল। তেওঁৰ সেই সংসাৰত তিনিটা সন্তানো আছে। কিন্তু মাৰ্থাৰ সেই বিয়া ভাঙি যায়।

ৰাজপৰিয়ালৰ ফালৰ পৰা জনোৱা হৈছে যে মাৰ্থা আৰু ডুৰেকৰ বিয়া হোৱাৰ পিছত তেওঁৰ নতুন স্বামী ৰাজপৰিয়ালৰ সদস্য হ’ব। কিন্তু ৰাজপৰিয়ালে লগতে স্পষ্ট কৰি দিছে যে ডুৰেকে কোনো উপাধি ধাৰণ নকৰিব বা ৰাজতন্ত্ৰক প্ৰতিনিধিত্ব নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd