NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: থমকি ৰৈছে নাটো! ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ নকৰাৰ সিদ্ধান্ত

February 24, 2022 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাৰ আশংকাত আতংকিত হৈ আছিল বিশ্ববাসী। বিশেষকৈ আমেৰিকা আৰু নাটো বাহিনীয়ে যুদ্ধত কি ভূমিকা লয়, সেই বিষয়ে উদ্বিগ্ন হৈ আছিল সকলো।

যোৱা কিছুদিন ধৰি ৰাছিয়া-ইউক্ৰেইন সংঘাতক লৈ সৰৱ হৈ আহিছিল আমেৰিকা আৰু নাটো। এনে সময়তে আজি পুৱা ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত নাটোৱে ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ নকৰে বুলি ঘোষণা কৰিছে।

নাটোৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে আজি এক জৰুৰী বৈঠক আহ্বান কৰি কয় যে মিত্ৰজোঁটে ইউক্ৰেইনলৈ সেনা বাহিনী প্ৰেৰণ কৰাৰ কোনো ইচ্ছা নাই।

মিত্ৰজোঁটৰ ৰাষ্ট্ৰদূতসকলৰ এক জৰুৰী বৈঠকৰ পিছত ষ্টলটেনবাৰ্গে এক সংবাদ সন্মিলনত কয়, “ইউক্ৰেইনত আমাৰ নাটো সৈন্য নাই। ইউক্ৰেইনলৈ নাটো সৈন্য প্ৰেৰণ কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই।”

তেওঁ অৱশ্যে এই মুহুৰ্তত নাটো ইউক্ৰেইনৰ সৈতে আছে বুলি উল্লেখ কৰে। লগতে ৰাছিয়াৰ এই অনাকাঙ্ক্ষিত ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিব বুলিও তেওঁ উল্লেখ কৰে।

“ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি আমি একেলগে ইউক্ৰেইনৰ কাষত থিয় দিছো।আমি কেতিয়াও আন্তঃৰাষ্ট্ৰীয় নীতিৰ উলংঘন স্বীকাৰ নকৰোঁ।”- নাটোৰ মুৰব্বী গৰাকীয়ে লগতে কয়।

Related News