যোৱা ০৬/১০/২০২৩ তাৰিখে ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ প্ৰাঙ্গণত ডিব্ৰুগড় চহৰৰ ক্ৰমবৰ্ধমান পাৰিপাৰ্শ্বিক পৰিৱেশ ধ্বংসৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ ডিব্ৰুগড়ৰ মহানগৰৰ বিভিন্নক্ষেত্ৰত জড়িত একাংশ সচেতন নাগৰিকৰ আহ্বানত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়৷
উক্ত আলোচনা চক্ৰখনত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে নিৰ্দেশনা (Urban Greening Guidelines, 2014) তথা অসমৰ চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা বিভাগে প্ৰস্তুত কৰা ডিব্ৰুগড়ৰ খচৰা সংশোধিত মাষ্টাৰপ্লানৰ বিশদ আলোচনা কৰা হৈছিল৷
উক্ত সভাত ক্ৰমবৰ্ধমান ডিব্ৰুগড় মহানগৰৰ সেউজীয়া আচ্ছাদন ধ্বংস কৰা তথা জলাশয়বোৰ নোহোৱা কৰি পেলোৱা কাৰ্যত সচেতন নাগৰিকে উদ্বিগ্নতা প্ৰকাশ কৰে৷
উক্ত সভাত ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক তথা পৰিৱেশ সংগঠন ক্ৰমে আৰণ্যক , অলগ্ৰীণ চচাইটি, বৃহত্তৰ ডিব্ৰুগড় নাগৰিক সভা , বৃহত্তৰ ডিব্ৰুগড় সাংবাদিক সন্হা,চয়নিকা,জেউতি মৰল সংঘ, নৱৰূপা সংঘ, সেউজ বন্ধন, ডিব্ৰুগড় আৰ্ট প্লেয়াৰচ্ চচাইটি, চিকিৎসক সন্হা, খোজ , নিজ বৈৰাগীমঠ বৰনামঘৰ পৰিচালনা সমিতি, ট্ৰেন্সপাৰেন্সি নৰ্থ ইষ্ট ফাউণ্ডেচন আৰু ইষ্টাৰ্ণ অসম চেম্বাৰছ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা প্ৰতিনিধিয়ে ডিব্ৰুগড়ৰ সেউজ আচ্ছাদনৰ সুৰক্ষা তথা অন্যান্য পৰিৱেশজড়িত সমস্যাৰ বিষয়ে আলোকপাত কৰাৰ লগতে সমাধানৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল৷
উক্তসভাত এই বিষয়সমূহ আগুৱাই নিবলৈ “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )” নামৰ এক উমৈহতীয়া মঞ্চৰ গঠন কৰা হয়৷
উক্ত সভাৰ সিদ্ধান্ত অনুযায়ী ডিব্ৰুগড়ৰ বিদ্যমান নগৰীয়া সেউজীয়া অঞ্চল ( ২০২০ বৰ্ষ অনুসৰি ০.৭৫ বৰ্গ কিঃমিঃ এলেকা) সংৰক্ষণ আৰু সুৰক্ষিত কৰা ,
জালান গ্ৰুপৰ অধীনস্থ দক্ষিণ জালান নগৰ চাহবাগিছাখনক ভূমিনীতিৰ অধীনত অধিগ্ৰহণ কৰি সমগ্ৰ সেউজীয়া অঞ্চলক “নগৰৰ জংঘল( Urban Jungle) হিচাপে ঘোষণা কৰা, অসমৰ চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা বিভাগে প্ৰস্তুত কৰা ডিব্ৰুগড়ৰ খচৰা সংশোধিত মাস্টাৰ প্লানত উল্লেখ কৰা প্ৰকল্প নং ৩৫ স্থানান্তৰিত কৰা, অসম চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা আইন, ১৯৫৯ (সংশোধিত) অনুসৰি ধাৰা ১০ৰ উপ-ধাৰা ১ ৰ অধীনত প্ৰকল্পসমূহৰ অধীনত ‘আন্তঃৰাষ্ট্ৰীয় কনভেনচন চেন্টাৰক (ICC) প্ৰস্তাৱিত দক্ষিণ জালান চাহ বাগিচাৰ কনভয় পথৰ ২৫ হেক্টৰ চাহ খেতি অঞ্চলৰ পৰিবর্তে ডিব্ৰুগড়ৰ অন্য অঞ্চললৈ স্হানান্তৰিত কৰা,ডিব্ৰুগড়ৰ জলাশয়সমূহ (২০২০ বৰ্ষ অনুসৰি ০.৪৩ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা, ডিব্ৰুগড় সংহতি এলেকাৰ জলাশয়সমূহ ( ২০২০ বৰ্ষ অনুসৰি ২.৭৪ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা, ডিব্ৰুগড় সংহতি এলেকাৰ বিদ্যমান চাহ বাগিচাৰ এলেকা (২.৩০ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা, বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে দিয়া নিৰ্দেশনা (Urban Greening Guidelines, 2014) অতি সোনকালে ডিব্ৰুগড় মহানগৰত কাৰ্যকৰী কৰা আদি বিষয় সন্নিৱিষ্ট কৰি মাননীয় মুখ্যমন্ত্ৰীকে ধৰি ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰনিগম আৰু সংশ্লিষ্ট সকলো বিভাগক “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )”ৰ দ্বাৰা স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷
ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে দক্ষিণ জালান নগৰ চাহবাগিছাৰ চলি থকা চাহগছৰ উঘলা আৰু গছ কটা ৰোধ কৰিবলৈ অতি জৰুৰীভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ জৰুৰী আৱেদন পত্ৰ প্ৰেৰণ কৰা হয়৷ লগতে কি ব্যৱস্থাৰ আধাৰত বৰ্তমানৰ এই গছ উঘলা কাম চলি আছে তাৰ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ অধীনত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় বন বিভাগলৈ “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )”ৰ দ্বাৰা আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছে৷
সদ্যহতে ঘোষিত ডিব্ৰুগড় মহানগৰৰ বহনক্ষম উন্নয়ন (Sustainable development) কৰাৰ সময়ত মহানগৰত অৱশিষ্ট সেউজীয়াখিনি সংৰক্ষণ কৰাটো Atal Mission for Rejuvenation and Urban Transformation (AMRUT) ৰ লগতে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে দিয়া নিৰ্দেশনাৰ (Urban Greening Guidelines, 2014) ভিত্তিত অত্যন্ত প্ৰয়োজন বুলি “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh)” য়ে পোষকতা কৰি এক প্ৰেছবিজ্ঞপ্তিৰ জৰিয়তে ৰাইজক অৱগত কৰিছে৷