NORTHEAST NOW (Assamese)

চতিয়াত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান,নাট্যসম্রাট প্রফুল্ল বৰাৰ স্মৃতি দিৱস উদযাপন

November 20, 2021 3:33 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ

সিপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান তথা নাট্যসম্রাট প্রফুল্ল বৰাৰ ১৬ সংখ্যক স্মৃতি দিৱস হিচাবে উদযাপন কৰা হয় ।

চতিয়াৰ কৰৈয়নীস্থিত সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত দিনযোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী শৰ্মা,অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া,অৰুণাচল প্ৰদেশৰ বিশিষ্ট শিল্পী বেংগীয়া হেমন্ত ৷

উল্লেখ যে অসম আৰু অৰুণাচলৰ সু-সম্পৰ্ক তথা সমন্বয় গঢ়াৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰাৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে উক্ত কাৰ্যসূচীত অৰুণাচলৰ বিশিষ্ট শিল্পী বেংগীয়া হেমন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

ইয়াৰোপৰি এই অনুষ্ঠানতে উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ,বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক লীণা দলেৰ উপৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বহু কেইজন গণ্য মান্য ব্যক্তি ।

Related News