NORTHEAST NOW (Assamese)

দুই বৈৰী প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু গ্ৰেটা থুনবাৰ্গৰ শান্তি নোবেল বঁটাৰ মনোনয়ন লাভ

January 31, 2021 9:10 pm · এন ই নাও নিউজ

সমগ্ৰ বিশ্বতে বৈৰীৰূপে পৰিচিত দুই প্ৰভাৱশালী ব্যক্তি তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰকপতি ড’নাল্ড ট্ৰাম্প আৰু আন্তৰাষ্ট্ৰীয় পৰিৱেশ আন্দোলনৰ কৰ্মী গ্ৰেটা থুনবাৰ্গে চলিত বছৰৰ শান্তি নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

বিশ্বৰ দুয়োগৰাকী প্ৰভাৱশালী নেতা/নেত্ৰীৰ নাম চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰা হৈছে।

তেওঁলোকৰ লগতে ৰাছিয়াৰ বিদ্ৰোহী নেতা আল্যেক্স নাভলনিও মনোনয় লাভ কৰিছে বুলি প্ৰকাশ পাইছে আন্তাৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাজ্ঞ(WHO)ৰ কোভিক্সন কৰ্মসূচীৰ লগতে নাটোও শান্তি নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

দেওবাৰে আছিল নোবেল কমিটিত মনোনয়ন প্ৰেৰণ তথা দাখিলৰ শেষ দিন। ন’ৱৰেৰ সংসদৰ সদস্যৰ উদ্ধৃতিৰে সংবাদ সংস্থালসমূহে শান্তি নোবেল বঁটাৰ বাবে অন্যান্য লোকৰ লগতে বিশ্বৰ এই প্ৰভাৱশালী ব্যক্তি আৰু অনুষ্ঠানসমূহে মনোনয়ন লাভ কৰিছে বুলি প্ৰকাশ কৰিছে।

আজি মনোনয়ন দাখিল কৰা লোকসকলৰ মাজৰ পৰাই অহা অক্টোবৰত নোবেল কমিটিয়ে চলিত বৰ্ষৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰিব।

উল্লেখ্য যে ২০১৪ বৰ্ষৰ পৰা নোবেল বঁটাৰ মনোনয়ন সম্পৰ্কে নৰ’ৱেৰ সংসদত সংখ্যাগৰিষ্ঠ মতামতক গুৰুত্ব দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল।

Related News