NORTHEAST NOW (Assamese)

হোজাইত পৰম্পৰাগত আৰু ধৰ্মীয় উছাহ উদ্দীপনাৰে নৱৰাত্ৰি আৰম্ভ

October 11, 2018 5:14 pm ·

বুধবাৰে সম্পূৰ্ণ ধৰ্মীয় উছাহ উদ্দীপনাৰ মাজেৰে নৱৰাত্ৰি আৰম্ভ হৈছে। বুধবাৰে পুৱাৰে পৰা ভক্তসকলে মন্দিৰলৈ গৈ দূৰ্গাদেৱীৰ প্ৰতি তেওঁলোকৰ ভক্তি নিৱেদন কৰে। ভক্তসকলে দূৰ্গা বাড়ী, মা দূৰ্গা বালাজী বাবোছাহা মন্দিৰ আন আন মন্দিৰলৈ গৈ দেৱীলৈ প্ৰাৰ্থনা জনায়।

দূৰ্গা বাড়ীৰ প্ৰধান পুৰোহিত ব্ৰিজুভূষণ ভট্টাচাৰ্যই নৰ্থ ইষ্ট নাও আগত কয়, ‘‘দেৱী দূৰ্গাই মহিষাসুৰক পৰাজিত কৰাৰ দিনটোক উদযাপন কৰি এই উৎসৱ পালন কৰা হয়। প্ৰতীকী অৰ্থত দূৰ্গা দেৱীৰ বিজায় হৈছে অহংকাৰ আৰু দুষ্টৰ ওপৰত শান্তি আৰু ধৰ্মৰ বিজয়।’’

তেওঁ ব্যাখ্যা কৰে, ‘‘নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ন দিন ব্যাপি দূৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰৰ পূজা কৰে। কিছুমানে উৎসৱৰ প্ৰথম আৰু অন্তিম দিনা উপবাসে থাকে।’’

ভট্টাচাৰ্যই আৰু কয়, ‘‘দূৰ্গা বাড়ীত বৈদিক নিয়মৰ মাজেৰে প্ৰাৰ্থনা কৰা হয়। পুৱা, আবেলি আৰু সন্ধিয়া দৈনিক ৩ বাৰ আৰতী দিয়া হয়। সন্ধিয়া স্তুতি মন্ত্ৰোচ্চাৰণ কৰা হয়। প্ৰত্যেক দিনেই ভক্তসকলে দেৱীক তুষ্ট কৰিবলৈ  ইয়ালৈ আহে।’’

তেওঁ আৰু কয়, ‘‘দেৱী কালী, শিৱক পূজা কৰাৰ বাবেও ভক্তসকল ইয়ালৈ আহে। ইয়াৰ ওচৰতে এটা হনুমান মন্দিৰ, ৰাধা-কৃষ্ণ মন্দিৰ আৰু বিশ্বনাথ মন্দিৰ আছে আৰু এই কেইদিনত ভক্তসকলে সেই মন্দিৰসমূহো দৰ্শন কৰে।’’

Related News