NORTHEAST NOW (Assamese)

দিখৌৰ দুৰ্ঘটনা : এছ ডি আৰ এফ-এন ডি আৰ এফ ব্যৰ্থ; শিৱসাগৰলৈ ভাৰতীয় নৌসেনাৰ ৮জনীয়া দল

September 3, 2018 5:42 pm · আছিফ ইব্ৰাহিম
Updated: September 3, 2018 6:43 pm
শিৱসাগৰ অভিমুখী ইণ্ডিয়ান নেভিৰ দলটো।

শিৱসাগৰৰ দিখৌ নদীত গাড়ীসহ গোটেই পৰিয়ালটো ডুব যোৱা দুৰ্ঘটনাটোত পতিতসকলৰ দুদিনেও কোনো সন্ধান নোপোৱাৰ পিছত আজি শিৱসাগৰত উপস্থিত হৈছেহি ভাৰতীয় নৌসেনাৰ এটা ৮জনীয়া বিশেষজ্ঞৰ দল। অন্ধ্ৰ প্ৰদেশৰ পৰা অহা দলটোৱে আজি আবেলি ৪ বজাত প্ৰতিৰক্ষা বাহিনীৰ এখন বিশেষ বিমানেৰে যোৰহাটত উপস্থিত হৈ তাৰ পৰা গাড়ীৰে ঘটনাস্থলীলৈ ৰাওনা হয়।

মন কৰিব লগীয়া যে দুৰ্ঘটনাটোত পতিতসকলক বিচাৰি উলিয়াবলৈ যোৱা দুদিন ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ আৰু এন ডি আৰ এফ) অশেষ চেষ্টা কৰিও সফল হোৱা নাই। গোটেই ৰাজ্যবাসীক মৰ্মাহত কৰা দুৰ্ঘটনাটোত পতিতসকলৰ শুংসূত্ৰ গভীৰ নদীৰ বুকুৰ পৰা বিচাৰি উলিওৱাত সহায় কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়, গৃহ মন্ত্ৰ্যালয়ৰ সৈতে কথা পাতিছিল। মুখ্য মন্ত্ৰীজনে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী (NDMA)ৰ পৰা সহায় বিচাৰিছিল।

উল্লেখযোগ্য যে যোৱা ১ ছেপ্তেম্বৰত এখন ছুইফট ডিজায়াৰ গাড়ীৰ সৈতে হৰেন বৰা নামৰ ব্যক্তিজন, তেওঁৰ মাক, পত্নী, দুই জীয়েক নদীত ডুব গৈছিল। তাৰ পিছত অনেক চেষ্টা কৰিও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে। মুঠ ১০-১৫ নাও লৈ এছ ডি আৰ এফ, এন ডি আৰ এফ, পেৰা কমাণ্ডো বাহিনীয়ে অহৰহ চেষ্টা চলাই গৈছে। পানীৰ গভীৰতা আৰু সোঁত প্ৰধান বাধা হৈ দেখা দিছে। এতিয়া ভাৰতীয় নৌসেনাৰ ৮জনীয়া দলটোৰ মুখলৈকে সকলোৱে চাই আছে।

Related News