নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ তুলিলে নিজ ভাগিনীয়েকে

নৱাজুদ্দিনৰ ভূমিকাকো সমালোচনা কৰিছে যুৱতীগৰাকীয়ে

index.jpg45

বলিউদৰ প্ৰতিভাধৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ নিজ ভাগিনীয়েকে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতিৰ অনুসৰি ইতিমধ্যে এই সংক্ৰান্ত যৌন আতিশয্যৰ বলি হোৱা ভাগিনীয়েকে দিল্লীৰ জামিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

দৈনিক বাতিৰ কাকতৰ এক সাক্ষাৎকাৰত ভুক্তভোগী যুৱতীগৰাকীয়ে কয় যে তেওঁৰ দুবছৰ বয়সতে পিতৃ-মাতৃ বিবাহ বিচ্ছেদ হোৱাৰ ফলত তেওঁ মামাকহঁতৰ ঘৰত থাকিবলৈ লয়।

‘সৰু হৈ থকাৰ বাবে মই বুজি পোৱা নাছিলো যে তেওঁ মোৰ মামা, যেতিয়া আমি ডাঙৰ হ’লো তেতিয়া বুজিলো যে সেয়া এক অন্যধৰণৰ স্পৰ্শ। সেয়া হিংসাত্মকো আছিল।’ ভুক্তভোগী যুৱতী গৰাকীয়ে এইদৰে কয়।

তাই এইবুলিও অভিযোগ কৰে যে এই সংক্ৰান্ত মামাক নৱাজুদ্দিনক কোৱাত তেওঁ কৈছিল ‘তোমাৰ মামা হয়, কেতিয়াও তেনেকুৱা কৰিব নোৱাৰে।’

ইতিমধ্যে আইনী বিবাহ কৰা যুৱতী গৰাকীয়ে তেওঁৰ পিতৃ আৰু খুৰাকৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে।

এখন নিউজ প’ৰ্টেলত যুৱতীগৰাকীয়ে কয় যে, ‘আনকি মোৰ বিয়াৰ পিছত, মোৰ দেউতা আৰু নাৱাজ বৰদেউতাও ইয়াত জড়িত আছিল। যদি তেওঁলোক সতৰ্ক হ’লহেঁতেন তেতিয়া এই কাণ্ড সংঘটিত নহ’লহেঁতেন।’

নৱাজুদ্দিনে তেওঁক কিদৰে বুজাইছিল সেই বিষয়ে উল্লেখ কৰি কয় যে, ‘নৱাজ বৰদেউতাই এবাৰ মোক সুধিছিল মই জীৱনত কি কৰিব বিচাৰো। মই তেওঁক কৈছিলো, মোৰ লগত যিবোৰ ঘটিল আৰু ইয়াৰ ফলত মই বহু মানসিক হাৰাশাস্তিত ভুগিলো। কিন্তু তেওঁ কৈছিল সেয়া এনেকুৱা একো নহয়। মই অন্ততঃ ভাবিছিলো যে বৰদেউতাই(নৱাজুদ্দিন) বুজিব, তেওঁ এখন বেলেগ পৃথিৱীত বাস কৰে আৰু ভিন্ন মানসিকতাৰ ব্যক্তি। কিন্তু তেওঁ ক’লে ‘তোমাৰ মামা হয়, তেনে কেতিয়াও কৰিব নোৱাৰে’।’

আনহাতে পত্নী আলিভাই বৰ্তমান নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিছে। তেওঁৰ পত্নীয়ে অভিযোগ তুলিছে যে নৱাজুদ্দিনে নিজেও নাৰীক সন্মান কৰিব নাজানে।

এটা ব্যক্তিগত টিভি চেনেলৰ এক সাক্ষাৎকাৰত নৱাজুদ্দিনৰ পত্নী আলিভাই কয় যে, ‘আমি বিবাহিত জীৱনত বহু সমস্যাৰ সন্মুখীন হৈ আহিছো। না নৱাজুদ্দিনে না তেওঁৰ ভাতৃয়ে নাৰীক সন্মান কৰিব জানে। তেওঁ কেৱল মোৰ ভুলবোৰ উকটি থাকে, যেতিয়া আমি কথা পাতো। আনকি তেওঁ মোক অন্য মানুহৰ আগতো অনেকবাৰ অপমান কৰি আহিছে।’