NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ স্নাতকৰ শীর্ষত বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ নয়ন ৰঞ্জন শৰ্মা

June 14, 2024 5:47 pm · উত্তম কুমাৰ শৰ্মা,বোকাখাত
Updated: June 14, 2024 5:56 pm

আজি ঘোষণা কৰা হ’ল ২০২৪  বৰ্ষৰ মে’ মাহত অনুষ্ঠিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত ( বিজ্ঞান) বৰ্ষৰ পৰীক্ষাৰ ফলাফল ।  ফলাফলত ৭৮% উত্তীৰ্ণ হাৰেৰে জিলিকিল বোকাখাতৰ বিজ্ঞান শিক্ষাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান চি এন বি মহাবিদ্যালয়।

মহাবিদ্যালয় খনৰ পদাৰ্থ বিজ্ঞান বিভাগে পূর্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি বিশ্ববিদ্যালয়ৰ শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়। পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্র তথা বোকাখাতৰ সেউজীপাৰ নিৱাসী বুবুল শৰ্মা আৰু প্ৰণতি দেৱীৰ কনিষ্ঠ সন্তান নয়ন ৰঞ্জন শৰ্মাই চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখযোগ্য যে চি এন বি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা পূৰ্ব্বেও ড° চন্দ্রানী নাথ আৰু ড° প্ৰীয়া  ভৰালীয়ে স্নাতক চূড়ান্ত পৰীক্ষাত  ডিব্ৰুগড়ৰ  বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মহাবিদ্যালয় খনৰ এনে সন্তোষ জনক ফলাফলৰ বাবে ছাত্র জনৰ লগতে, পদার্থবিজ্ঞান বিভাগ আৰু মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ শৰৎ চন্দ্র দত্ত,  অধ্যক্ষ ড° সুৰজিৎ দত্তৰ লগতে বোকাখাতৰ বিভিন্ন শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অঞ্চলবাসীয়ে।

Related News