কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ জয়েৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ নয়নমণিৰ লন বল দলে

পুনৰ বিশ্ব দৰবাৰত জিলিকি উঠিল অসমৰ খেলুৱৈ। বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত লন বলত স্বৰ্ণ জয়েৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ নয়নমণি শইকীয়াৰ দলটোৱে ।

ভাৰতৰ মহিলা লন বল দলটোৱে মঙলবাৰে সন্ধিয়া অনুষ্ঠিত খেলত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ভাৰতৰ মহিলা দলটোৱে ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।

অসমৰ গোলাঘাট জিলাৰ টেঙাবাৰীৰ বাসিন্দা নয়নমণি শইকীয়াৰ লগতে তেওঁৰ দলৰ সাফল্যত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে দেশবাসী।

লাভলী চৌবে, ৰূপাৰ কোৱাৰ্টেট ৰাণী তিৰ্কী, পিঙ্কি আৰু নয়নমণি শইকীয়াই কমনৱেলথ গেমছ খেলত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

এটা সময়ত ভাৰোত্তোলন কৰা নয়নমণিয়ে ভৰিৰ আঘাতৰ পিছত লন বল খেলিবলৈ আৰম্ভ কৰিছিল।