NORTHEAST NOW (Assamese)

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

May 27, 2022 5:01 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাই ক্ৰুজ জাহাজ ড্ৰাগছ গোচৰত সাঙোৰ খাই পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আজি নিৰ্দোষী ঘোষণা কৰে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)- এ।

মুম্বাইৰ এখন বিশেষ এনডিপিএছ আদালতত এনচিবিয়ে দাখিল কৰা অভিযোগপত্ৰত আৰিয়ান খানসহ আন পাঁচজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

আদালতত দাখিল কৰা ৬,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰত এনচিবিয়ে ১৪ জন অভিযুক্তৰ নাম উল্লেখ কৰে। আনহাতে প্ৰমাণৰ অভাৱত আৰিয়ান খান আৰু মোহককে ধৰি আন ছয়জন অভিযুক্তৰ নাম আঁতৰাই দিয়া হৈছে।

জাহাজখনত তালাচী চলোৱাৰ সময়ত আৰিয়ানৰ লগত কোনো নিষিদ্ধ দ্ৰব্য উদ্ধাৰ হোৱা নাছিল বুলিও অভিযোগপত্ৰখনত উল্লেখ কৰা হৈছে।

এক বিবৃতিত এনচিবিয়ে কয়, “যোৱা বৰ্ষৰ ২ অক্টোবৰত এনচিবি মুম্বাইৰ এক তথ্যৰ আধাৰত আন্তৰ্জাতিক বন্দৰ টাৰ্মিনেলত বিক্ৰান্ত, ইশমিত, আৰবাজ, আৰিয়ান আৰু গোমিতক আৰু কৰ্ডেলিয়া ক্ৰুজত নুপুৰ, মোহক আৰু মুনমুনক আটক কৰা হৈছিল। আৰিয়ান আৰু মোহকৰ বাহিৰে আটাইকেইজন অভিযুক্তৰ ওচৰত নিচাজাতীয় সামগ্ৰী পোৱা গৈছিল।”

“এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১৪ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। প্ৰমাণৰ অভাৱৰ বাবে বাকী ছয়জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হোৱা নাই।”-বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিশেষ এন.ডি.পি.এছ. আদালতে এন.চি.বি.-ৰ বিশেষ তদন্ত দলক অভিযোগপত্ৰ দাখিল কৰিবলৈ অতিৰিক্ত ৬০ দিনৰ সময়সীমা দিছিল। অহা ২৯ মে’ত এই সময়সীমা শেষ হোৱাৰ কথা আছিল।

বৰ্তমান গোচৰটোত গ্ৰেপ্তাৰ কৰা ২০ জন অভিযুক্তৰ ভিতৰত আৰিয়ানকে ধৰি ১৮ জন জামিনত আছে।

Related News