NCERTৰ পাঠ্যক্ৰমত ব্যাপক সালসলনি; পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল অনুচ্ছেদ ৩৭০

এনচিইআৰটিয়ে আগন্তুক শিক্ষাবৰ্ষৰ বাবে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ কিতাপত কেইবাটাও পৰিৱৰ্তন আনিছে।পাঠ্যক্ৰমত কিছুমান প্ৰসংগ যোগ কৰা হ’ল আৰু কিছুমান প্ৰসংগ মচি পেলোৱা হ’ল। মচি পেলোৱা প্ৰসংগৰ ভিতৰত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাটোও অন্যতম।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ কিতাপখনৰ ১৩২ নং পৃষ্ঠাত পূৰ্বে লিখা আছিল, “বেছিভাগ ৰাজ্যৰ ক্ষমতা সমান। অৱশ্যে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ৰাজ্যৰ ক্ষেত্ৰত কিছু বিশেষ ব্যৱস্থা আছে। কিন্তু জম্মু-কাশ্মীৰৰ বাবে বিশেষ ব্যৱস্থা থকা সংবিধানৰ ৩৭০ অনুচ্ছেদ ২০১৯ চনৰ আগষ্ট মাহত বাতিল কৰা হয়।”

লগতে পঢ়ক:ক’লৈ যাব? চলিত আই পি এল শেষ হোৱাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই!

আন কিছুমান অংশ সলনি হৈছে। উদাহৰণস্বৰূপে, দ্বিতীয় অধ্যায়ৰ ২৫ নং পৃষ্ঠাত ভাৰত-চীনৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছিল। ইয়াত কোৱা হৈছে যে হিন্দী-চিনি ভাই ভাইৰ চৰিত্ৰ সলনি হৈছে, দুয়োখন দেশৰ মাজত হোৱা সামৰিক সংঘাতৰ বাবে শান্তিৰ আশা হেৰাই গৈছে৷সেয়া এতিয়া হৈ পৰিছে- ভাৰত সীমান্তত চীনৰ বেদখলে শান্তিৰ আশা নিৰ্বাপিত কৰি পেলালে।”

পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত ১১৯ নং পৃষ্ঠাত আগতে লিখা আছিল, “ভাৰতে এই অঞ্চলটোক অবৈধ দখল বুলি গণ্য কৰে। পাকিস্তানে পুনৰ ইয়াক ‘আজাদ কাশ্মীৰ’ বুলি অভিহিত কৰিছে।”শেহতীয়া সংশোধনত জম্মু-কাশ্মীৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ অৱস্থান প্ৰতিফলিত হোৱাকৈয়ে NCERTয়ে যুক্তি দিছে৷তদুপৰি খালিস্তানৰ সম্পৰ্কিত বিষয়টোও পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে।

লগতে পঢ়ক: ২০০৭চনৰ গোচৰৰ উদ্ধৃতিৰে কেজৰিৱালৰ ব্যক্তিগত সহায়কক বৰ্খাস্ত

এটা ব্যংগাত্মক চিত্ৰও পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে। ১৫৫ নং পৃষ্ঠাত ইয়াৰ আগতে উল্লেখ আছিল – ‘ভাৰতীয় গণতন্ত্ৰ জীয়াই থাকিবনে?’ ব্যংগচিত্ৰ আৰু প্ৰশ্ন দুয়োটা মচি পেলোৱা হৈছে।যাৰ ঠাইত ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে। ২০১৪ চনৰ পাছৰ ভাৰতৰ বিষয়ে যাতে কোনো ধৰণৰ নেতিবাচক ধাৰণা বিয়পি নাযায় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।