NORTHEAST NOW (Assamese)

স্বাস্থ্যৰ অৱনতি: এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক চিকিৎসালয়ত ভৰ্তি

October 31, 2022 3:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 31, 2022 7:38 pm

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি, চমুকৈ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক আজি স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত জৰুৰীকালীনভাৱে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

টুইটাৰত এক বিবৃতি প্ৰকাশ কৰি দলটোৱে কয়, “এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰৰ স্বাস্থ্য ভাল নহয় বাবে অহা তিনিদিনৰ বাবে মুম্বাইৰ ব্ৰীজ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰা হ’ব।”

এনচিপিৰ মতে অহা ২ নৱেম্বৰত পাৱাৰক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে।

দলটোৱে লগতে কয় যে ৪-৫ নৱেম্বৰত শিৰডীত অনুষ্ঠিত হ’বলগীয়া দলৰ শিবিৰত পাৱাৰে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে বয়োজেষ্ঠ নেতাগৰাকীয়ে ৮ নৱেম্বৰত কংগ্ৰেছৰ ৰাহুল গান্ধী নেতৃত্বাধীন ‘ভাৰত যোদো যাত্ৰা’ত যোগদান কৰিব বুলি ইতিপূৰ্বে ঘোষণা কৰিছিল।

Related News