NORTHEAST NOW (Assamese)

ৰাজনৈতিক স্বাৰ্থত শিশুক ব্যৱহাৰ! ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ শিশু অধিকাৰ আয়োগৰ

September 14, 2022 11:44 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ অভিযানে ইতিমধ্যে এসপ্তাহ সম্পূৰ্ণ কৰিছে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰা কংগ্ৰেছৰ ভাৰত যাত্ৰীৰ দলটোৱে বৰ্তমান কেৰালাৰ মাজেৰে পদযাত্ৰা অব্যাহত ৰাখিছে।

দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ই ব্যাপক জনসমৰ্থন লাভ কৰিছে। পিছে এনে উৎসাহজনক জনসমৰ্থনৰ মাজতে এক বিপদৰো সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে কংগ্ৰেছৰ নেতাগৰাকীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্বাচন আয়োগৰ ওচৰত । ৰাহুল গান্ধী তথা কংগ্ৰেছ দলে নিজৰ ৰাজনৈতিক স্বাৰ্থত শিশুক ব্যৱহাৰৰ অভিযোগ তুলিছে শিশু অধিকাৰ সুৰক্ষা আয়োগে।

নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি শিশু অধিকাৰ আয়োগে ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ তথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে কয় যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা বহু ফটো তথা ভিডিঅ’ত ‘ভাৰত জোড়ো, বচ্চে জোড়ো’ শ্ল’গানৰ অধীনত কংগ্ৰেছে শিশুক ৰাজনৈতিক কাৰ্যসূচীৰে তেওঁলোকৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰা দেখিবলৈ পোৱা গৈছে।

নিয়মানুসৰি যিহেতু কেৱল প্ৰাপ্তবয়স্ক লোকহে এটা ৰাজনৈতিক দলৰ অংশ হ’ব পাৰে, সেয়ে কংগ্ৰেছৰ এই কাৰ্যৰ দ্বাৰা নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰা হৈছে বুলি শিশু অধিকাৰ আয়োগে অভিযোগ তুলিছে।

আয়োগে লগতে শিশু অধিকাৰৰ প্ৰাথমিক উলংঘন প্ৰত্যক্ষভাৱে শিশুক উৎপীড়ন কৰা বোলি গুৰুতৰ অভিযোগ তুলিছে।

কংগ্ৰেছে এইদৰে সংবিধানৰ ২১ নং অনুচ্ছেদৰো উলংঘন কৰিছে বুলি উল্লেখ কৰি আয়োগে নিৰ্বাচন আয়োগক বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি পুংখানুপুংখ তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

Related News