• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক স্বাৰ্থত শিশুক ব্যৱহাৰ! ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ শিশু অধিকাৰ আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2022 11:44 am
Bharat Jodo Yatra
171
VIEWS
Share on FacebookShare on Twitter

যোৱা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ অভিযানে ইতিমধ্যে এসপ্তাহ সম্পূৰ্ণ কৰিছে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰা কংগ্ৰেছৰ ভাৰত যাত্ৰীৰ দলটোৱে বৰ্তমান কেৰালাৰ মাজেৰে পদযাত্ৰা অব্যাহত ৰাখিছে।

দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ই ব্যাপক জনসমৰ্থন লাভ কৰিছে। পিছে এনে উৎসাহজনক জনসমৰ্থনৰ মাজতে এক বিপদৰো সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে কংগ্ৰেছৰ নেতাগৰাকীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্বাচন আয়োগৰ ওচৰত । ৰাহুল গান্ধী তথা কংগ্ৰেছ দলে নিজৰ ৰাজনৈতিক স্বাৰ্থত শিশুক ব্যৱহাৰৰ অভিযোগ তুলিছে শিশু অধিকাৰ সুৰক্ষা আয়োগে।

নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি শিশু অধিকাৰ আয়োগে ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ তথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এক বিবৃতিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে কয় যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা বহু ফটো তথা ভিডিঅ’ত ‘ভাৰত জোড়ো, বচ্চে জোড়ো’ শ্ল’গানৰ অধীনত কংগ্ৰেছে শিশুক ৰাজনৈতিক কাৰ্যসূচীৰে তেওঁলোকৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰা দেখিবলৈ পোৱা গৈছে।

নিয়মানুসৰি যিহেতু কেৱল প্ৰাপ্তবয়স্ক লোকহে এটা ৰাজনৈতিক দলৰ অংশ হ’ব পাৰে, সেয়ে কংগ্ৰেছৰ এই কাৰ্যৰ দ্বাৰা নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰা হৈছে বুলি শিশু অধিকাৰ আয়োগে অভিযোগ তুলিছে।

আয়োগে লগতে শিশু অধিকাৰৰ প্ৰাথমিক উলংঘন প্ৰত্যক্ষভাৱে শিশুক উৎপীড়ন কৰা বোলি গুৰুতৰ অভিযোগ তুলিছে।

কংগ্ৰেছে এইদৰে সংবিধানৰ ২১ নং অনুচ্ছেদৰো উলংঘন কৰিছে বুলি উল্লেখ কৰি আয়োগে নিৰ্বাচন আয়োগক বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি পুংখানুপুংখ তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd