আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি আস্থা প্ৰকাশ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে বৃহস্পতিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এন ডি এয়ে নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰিব।
তেওঁ কয় যে দলটোৱে কেন্দ্ৰত তৃতীয়টো কাৰ্যকাল লাভ কৰাৰ পথত আগবাঢ়িছে।
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সক্ৰিয় নেতৃত্বত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক আসন লাভ কৰিব। মানুহে উন্নয়ন বিচাৰে আৰু উন্নয়ৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক বিশ্বাস কৰে।’ -তেওঁ দৃঢ়তাৰে কয়।
ডাঃ মমিনে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিঘটনাৰ প্ৰতিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ই বিজেপি মিত্ৰজোঁটত অধিক শক্তি যোগান ধৰিব।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত অজিৎ পাৱাৰে এন চি পি বিভাজিত কৰি ৮ জন সহযোগী বিদ্ৰোহী বিধায়কৰ সৈতে ৰাজ্যখনৰ একনাথ শিণ্ডে নেতৃত্বাধীন চৰকাৰত যোগদান কৰে। শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদৰ লগতে শৰদ পাৱাৰৰ বাবে ই এক ডাঙৰ বিপৰ্যয়।
লগতে পঢ়কঃ ৰে’ল আৰক্ষী বিষয়াৰ মানৱীয়তা, অসুখীয়া যাত্ৰীক কান্ধত তুলি দেখুৱালে মানৱতাৰ নিদৰ্শন
লগতে পঢ়কঃ যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা
লগতে পঢ়কঃ স্থগিতাদেশ নহ’ল: গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ ৰাহুল গান্ধীৰ আবেদন