সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাওঁত উপস্থিত হ’ল এন ডি এফ বিৰ দুর্ধর্ষ নেতা সংবিজিত

আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকো মূল সূঁতিলৈ উভতি অহাৰ জনালে আহ্বান

সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ দুর্ধর্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিতে আজি সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হল। উল্লেখ্য যে এই চাৰ সিং ইংতি কাঠাৰ কিছুদিন আগলৈকে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিছিল।

যাৰ নেতৃত্বতে এন ডি এফ বি নামৰ সশস্ত্ৰ সংগঠনে ৰাজ্যৰ বিভিন্ন স্থানত তেজৰে ৰাঙলী কৰি আৰক্ষী প্ৰশাসনৰ আৰু সাধাৰণ ৰাইজ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল।

সেই চাৰচিং ইংতি কাথাৰ ওৰফে সংবিজিত কিন্তু কিছুদিন পূৰ্বে উভতি আহিল মূলসূঁতিলৈ।

চাৰচিং ইংতি কাঠাৰৰ ঘৰ আছিল বিশ্বনাথৰ অসম অৰুণাচল সিমান্তৰ চেলাইখাটি গাওঁত।

সৰুতেই নিজৰ গাওঁ,নিজৰ পৰিয়াল সকলোকে এৰি গুচি গৈছিল জংঘললৈ। আজি পুনৰ নিজ গাওঁখনলৈ,নিজ আপোন মানুহবোৰৰ ওচৰলৈ উভতি আহিছে সুদীৰ্ঘ ১৪ বছৰৰ মূৰত।

সশস্ত্ৰ সংগঠন ত্যাগ কৰি মূল সুতিলৈ ওভতি আহি সশস্ত্ৰ সংগঠনৰ নেতা গৰাকীয়ে আন আন সশস্ত্ৰ সংগঠনৰ লগত আৰু বৰ্তমানৰ চৰকাৰৰ লগত কৰিলে কাৰ্বি শান্তি চুক্তি।

কাৰ্বি জনগোষ্ঠিৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ চুক্তি কৰি পুনৰ আজি ১৪ বছৰৰ পিছত নিজ গাওঁখনলৈ উভতি অহাৰ বাবে বিশ্বনাথ জিলা কাৰ্বি সমাজে ব্যাপক আদৰণী জনায় নেতা গৰাকীক।

আনহাতে বিশ্বনাথৰ অসম- অৰুণাচল সীমান্তৰ সোনাজুলী আৰু ভিমাজুলী হত্যাকাণ্ডৰ ক্ষেত্ৰতো নাম সাঙোৰ খাই আছিল চাৰচিং ইংতি কাঠাৰৰ।

এই সন্দৰ্ভত নেতা গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে সেই হত্যাকাণ্ডত তেওঁ জড়িত নাছিল।যিসকল লোক জৰিত আছিল ইতিমধ্যে তেওঁলোক কাৰাগাৰত বন্দী হৈ আছে।নেতা গৰাকীয়ে আলফা স্বাধীনৰ চীফ পৰেশ বৰুৱাকো মূল সূঁতিলৈ উভতি আহি আলোচনা প্ৰক্ৰিয়াৰে সমস্যা সমূহ সমাধান কৰাৰ বাবে আহবান জনায়।