শান্তি আলোচনাৰ বাবে মুকলি আকাশৰ তলত এন ডি এফ বিৰ সকলো লীডাৰ আৰু কেডাৰ

কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিৰ হ’বলগীয়া চুক্তিক সকলোৱে জনাইছে আদৰণি

index

ফটো: নৰ্থইষ্ট নাও

নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এন ডি এফ বি এটা সশস্ত্ৰ সংগঠন। পূৰ্বতে প্ৰতিস্থাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাব্লাৰ নেতৃত্বত চলিছিল সংগঠনটো।

পৰৱৰ্তীকালত বিভাজন হৈ ইংটি কাটাৰ চমুকৈ আই কে ছংবিজিত নামৰ কাৰ্বি নেতাৰ নেতৃত্বত চলি থকাৰ মাজতে নেতাগৰাকীয়ে “People’s Democratic Council of Karbi Longri  (পি ডি চি কে) নামৰ কাৰ্বি সহস্ৰ সংগঠন জন্ম দি এন ডি এফ বি এৰি গুচি যায়।

ইয়াৰ পাছত সভাপতি হিচাপে নেতৃত্ব বহন কৰি আহিছে বি ছাউৰাইগৌৰা ওৰফে অমৰ আৰু সাধাৰণ সম্পাদক হিচাপে ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই।

কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে দুয়োজন নেতাই কেডাৰ সকলক লৈ ম্যানমাৰৰ পৰা শান্তি আলোচনাৰ বাবে ওলাই অহাৰ পাছত  এইবাৰ আলোচনাত চামিল হ’ল বহু প্ৰত্যাশিত দুৰ্ধৰ্ষ নেতা বিষ্ণু গয়াৰী ওৰফে জি বিদাই আৰু বাথা মুছাহাৰী ওৰফে এম বিবান।

বুধবাৰে কোকৰাঝাৰ জিলাৰ কচুগাও ৰাঙাপাৰা ঘন হাবিৰ পৰা ছয় শতাধিক কেডাৰক লগত লৈ বাথা ওৰফে এম বিবানে ওলাই অহাৰ পিচতে চিৰাং আৰু বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৱৰ্তী হাবিৰ পৰা জি বিদাইয়ো ওলাই আহি বাক্সা জিলাৰ গোৱৰ্ধনাস্থিত নিজ গৃহত সোমাই পোনে পোনে চিৰাং আৰক্ষীয়ে দুৰ্ধৰ্ষ নেতাগৰাকীক লৈ আনে কোকৰাঝাৰ জিলাৰ বিষমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৰ ধিগিলিস্থিত ডিজিগনেটেড শিবিৰলৈ।

আজি পুৱাই ৭ বজাত চাৰিগৰাকী দুৰ্ধৰ্ষ নেতাই নতুন দিল্লীলৈ শান্তি আলোচনাৰ বাবে ৰাওনা হয়।

বৰ্তমান এন ডি এফ বি(এছ)ৰ সকলো শীৰ্ষ নেতাৰ লগত কেইবাশতাধিক কেডাৰক ডিজিগনেটেড শিবিৰত ৰখা হৈছে । শিবিৰত পুৱাৰ পৰাই আত্মীয় তথা পৰিয়ালবৰ্গ আৰু সংগঠনৰ বাবে বাহিৰত থাকি কাম কৰা সদস্য কৰ্মী সকলে নেতাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ব্যস্ত হৈ পৰে।

আনহাতে, দুৰ্ধৰ্ষ সদস্য সকলক কটকটীয়া নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছে । সংগঠনৰ সদস্য, আত্মীয় তথা পৰিয়ালৰ সদস্যৰ বাহিৰে কোনোৱেই প্ৰৱেশ কৰিব নোৱাৰে ভিতৰলৈ।

আনকি সাংবাদিকেও বাতৰি পৰিবেশন কৰাৰ বাবে কাৰোবাৰ সাক্ষাৎকাৰ বিচাৰিলে শিবিৰৰ গেটৰ বাহিৰৰ পৰাহে লব লাগে।

এনেকুৱা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে আবদ্ধ কৰি ৰাখিছে সংগ্ৰামী এন ডি এফ বি সদস্য সকলক। এইফালে বড়ো জনগণে শান্তি আলোচনা তথা মূল সুঁতিলৈ ওলাই অহাৰ বাবে আদৰণি জনাই শান্তি আলোচনাৰ মাজেৰে কি ফলাফল লাভ কৰে  তালৈ আশাত বাট চাইছে।

আচলতে শেষত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিয়ে কেনেধৰণৰ চুক্তি স্বাক্ষৰ কৰিব সেয়া হ’ব লক্ষণীয়।