ক’ৰ’নাই ডেৰ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া তালিকাৰ তৃতীয় স্থানত ভাৰত

ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। এই ভাইৰাছে কাঢ়ি নিছে লাখ-লাখ লোকৰ প্ৰাণ।

ভাৰততো এই ভাইৰাছবিধৰ ফলত বহু লোকৰ মৃত্যু ঘটিছে।

ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যাই ডেৰ লাখ অতিক্ৰম কৰিলে ভাৰতত।

ক’ৰ’নাই ডেৰ লাখৰ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া দেশৰ তালিকাত ভাৰত তৃতীয় স্থানত উপনীত হ’ল। প্ৰথন স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দ্বিতীয় স্থানত আছে ব্ৰাজিল।

বুধাবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২৬৪ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে মৃত্যুৰ মুঠ সংখ্যা ১,৫০,১১৪লৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, দেশত এতিয়া ২,২৭,৫৪৬ গৰাকী সক্ৰিয় ৰোগী আছে। আৰোগ্যৰ হাৰ হৈছে ৯৬.৩৫ শতাংশ।

ইফালে যোৱা ২৪ ঘণ্টাত ২১,৩১৪ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈছে। এই পৰ্যন্ত মুঠ ৯৯,৩৭,২৭২ গৰাকী লোক সুস্থ হৈ উঠিছে।

সক্ৰিয় ৰোগীৰ সংখ্যাৰে ভাৰত বিশ্বৰ দশম স্থানত আছে।