চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত ভাৰত, ৰাছিয়া আৰু চীনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হোৱা লগে লগে আলোড়ণৰ সৃষ্টি কৰিছে বিশ্ব ৰাজনীতিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ সময়ত তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনা ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে বিশেষ কথা-বতৰাত লিপ্ত হোৱা দেখা গৈছে। এই তিনিখন দেশৰ এই ঘনিষ্ঠতাই এতিয়া আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।
এই পৰিস্থিতিৰ মাজতে আমেৰিকাই ভাৰত-আমেৰিকা সম্পৰ্কক একবিংশ শতিকাৰ পৰিচয় হিচাপে বৰ্ণনা কৰিছে। আমেৰিকাৰ মতে, এই সম্পৰ্ক কেৱল কৌশলগত নহয়, ই মানুহৰ মাজত থকা বন্ধুত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমেৰিকাৰ দূতাবাসে সামাজিক মাধ্যমত লিখিছে যে প্ৰতিৰক্ষা, উদ্ভাৱন আৰু দ্বিপাক্ষিক সম্পৰ্কই দুয়োখন দেশক আগুৱাই লৈ গৈছে।
যদিও আমেৰিকাৰ পৰা এনে সদিচ্ছা প্ৰকাশ কৰা হৈছে, প্ৰকৃততে ট্ৰাম্প চৰকাৰে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ প্ৰথমে ২৫ শতাংশ আৰু তাৰ পিছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। লগতে ট্ৰাম্পৰ উপদেষ্টা পীটাৰ নাভাৰোৱে একাধিকবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিছে।
২৮ আগষ্টত নাভাৰোৱে অভিযোগ কৰিছে যে ৰাছিয়া-ইউক্ৰেইন সংঘাত “মোদীৰ যুদ্ধ”। তেওঁৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা সস্তাত তেল ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰি পুটিনক সহায় কৰি আহিছে। তাৰ পিছদিনাই নাভাৰোৱে ভাৰতক “ক্ৰেমলিনৰ ধনৰ সহায়ক” বুলি অভিহিত কৰিছে।
ভাৰত-আমেৰিকা সম্পৰ্ক ট্ৰাম্পৰ দ্বিতীয় শাসনকালত অৱনতি হোৱা পৰিলক্ষিট হৈছে। এই অৱস্থাত ভাৰতে চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ লগতে ৰাছিয়াৰ সৈতে পৰম্পৰাগত বন্ধুত্ব অটুট ৰাখিছে। ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব বুলি ভাবুকি দিলেও ভাৰতে সেই ভাবুকি উপেক্ষা কৰি তেল ক্ৰয় অব্যাহত ৰাখিছে।
চীনত অনুষ্ঠিত এই SCO বৈঠকত ভাৰত-ৰাছিয়া-চীনৰ একতাই বিশ্ব ৰাজনীতিত ভবিষ্যতে বৃহৎ পৰিৱৰ্তনৰ পথ উন্মোচন কৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। তিনিখন দেশে মিলি প্ৰায় প্ৰত্যক্ষভাৱে আমেৰিকাৰ একপক্ষীয় নীতিৰ বিৰোধিতা কৰিছে। অৱশ্যে ভৱিষ্যতত বিশ্ব ৰাজনীতিক এই মহামিলনে কেনেকৈ আকাৰ দিব, সেয়া লক্ষ্যণীয় হ’ব।