দিল্লী আৰক্ষীৰ বিশেষ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (Special Weapons and Tactics) গোটৰ উত্তৰ-পূৰ্বাঞ্চল মহিলা গোটত উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী মহিলা কামাণ্ডোক ভাৰতৰ স্বাধীনতা দিৱস উদ্যাপনৰ সময়চোৱাত দিল্লীৰ নিৰাপত্তাৰ দায়িত্বত মোতায়েন কৰা হৈছে।
এই কামাণ্ডো কেইগৰাকী দিলঈ আৰক্ষীৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ অন্তৰ্ভুক্ত।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে মহিলা সৱলীকৰণৰ দিশত দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে দিল্লী আৰক্ষীত উত্তৰ পূৰ্বাঞ্চলৰ মহিলা কামাণ্ডোৰ অন্তৰ্ভুক্তকৰণে দিল্লী আৰক্ষীত বিভিন্ন অঞ্চলৰ পৰা অহা আৰক্ষী লোকক যে অন্তৰ্বুক্ত কৰা হয় তাৰ এটা উদাহৰণ।
দেশৰ বাহিৰৰ আৰু ভিতৰৰ বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা কঠোৰ অনুশীলন কৰোৱাৰ পাছত আৰক্ষীৰ এই মহিলা কনিষ্টবলকেইগৰাকীক বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (SWAT) গোটত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ভাৰতৰ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ হৈছে দিল্লী আৰক্ষীৰ আয়ুক্ত অমূল্য পাটনায়কৰ মানস সন্তান বুলি কোৱা হয়। সম্পূৰ্ণ মহিলাৰে গঠিত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোট এটা বিশেষ সফলতা বুলি গণ্য কৰা হয়, কাৰণ যি বিশেষ কঠোৰ অনুশীলনৰ মাজেৰে এই গোটৰ সদস্যক বাচনি কৰা হয় বাবে পশ্চিমীয়া দেশসমূহতো সম্পূৰ্ণ মহিলাৰে গঠিত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোট দেখা পোৱা নাযায়।
বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ অন্তৰ্ভুক্ত সকলো সদস্যকেই ইজৰাইলৰ ক্ৰাব মাগা নামৰ সমৰকলা, এমপি-৫ ছাবমেচিন গান আৰু গ্লোক-২১ পিষ্টলৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
এই কামাণ্ডোসকলক কেন্দ্ৰীয় আৰু দক্ষিণ দিল্লীৰ ৰণনীতিমূলক স্থানত মোতায়েন কৰা হ’ব। চোৰাংচোৱা তথ্যত প্ৰকাশিত হোৱা মতে মহিলা ফিডায়ে ৰাজধানী দিলঈত কূটাঘাতৰ পৰিকল্পনা কৰাৰ বাতৰি পোৱা গৈছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠিত দিল্লী আৰক্ষীৰ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটটোৱে লাল কিল্লা আৰু ইণঅডিয়া গেটৰ নিৰাপত্তাত চকু ৰাখিব।
এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে এই মহিলা বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ সদস্যসকল সমৰকলা, সংঘৰ্ষ, জংঘল অভিযান, নগৰ অভিযান, ভিভিআইপি নিৰাপত্তা আদিত দুসক্ষ। তেওঁলোকক বিস্ফোৰক আৰু বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰাদন কৰা হয়।