NORTHEAST NOW (Assamese)

অসমৰ মৃৎশিল্পীৰ কৃতকাৰ্যতা!অসমৰ পৰা অযোধ্যালৈ প্ৰায় ২ লাখ মাটিৰ চাকি ৰপ্তানি

October 29, 2024 4:34 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 29, 2024 4:36 pm

সমাগত পোহৰৰ উৎসৱ দীপাৱলী! দীৱালীৰ মাহেন্দ্ৰ ক্ষণত শিলচৰৰ মৃৎ শিল্পীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ।‌ শিলচৰ চহৰৰ সমীপৰ শ্ৰীকোনাৰ কুমাৰপাৰাত তৈয়াৰ কৰা লাখ লাখ মাটিৰ চাকি ৰপ্তানি হ’ল উত্তৰ প্ৰদেশৰ অযোধ্যালৈ। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ বাবে মৃৎ শিল্পীসকলৰ মুখত হাঁহি বিৰিঙিছে। কাৰণ দীপাৱলী উপলক্ষে অযোধ্যাত লাখ লাখ মাটিৰ চাকি প্ৰজ্বলন কৰা হ’ব।‌ ইয়াৰ বাবে সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি। এই লাখ লাখ মাটিৰ চাকিৰ মাজত আছে শিলচৰৰ শ্ৰীকোনাৰ মৃৎ শিল্পীসকলে তৈয়াৰ কৰা মাটিৰ চাকি।

দীপাৱলীৰ বাবে বৰ্তমান সময়ত চীনত নিৰ্মিত লাইটৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে।ইয়াৰ বাবে কিছুসময়ৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰা মৃৎ শিল্পীসকলৰ বিক্ৰী কমিছিল। কিন্তু ইয়াৰ মাজতে আহিল এই যোগাত্মক খবৰ আহি পৰিছে।যাৰ ফলত মৃৎ শিল্পীসকলে এতিয়া ৬০০ টকাৰ মাটিৰ চাকি ৮০০ টকাৰ পৰা ১০০০ টকাত বিক্ৰী কৰিব পাৰিছে। ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে ১০০০টা মাটিৰ চাকিৰ দাম আছিল ৩০০ টকাৰ পৰা ৪০০ টকা। কিন্তু এতিয়া ৮০০ টকাৰ পৰা ১০০০ টকাত বিক্ৰী কৰি লাভৱান হৈছে মৃৎ শিল্পীসকল।

উল্লেখ্য যে, শ্ৰীকোনা শিলচৰ চহৰৰ চুবুৰীয়া এখন গাঁও। সেই গাঁৱৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই মৃৎশিল্পৰ সৈতে জড়িত। এই শিল্পকৰ্ম কৰিয়ে গাঁওবাসীয়ে জীৱিকা নিৰ্বাহ কৰি আহিছে। ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত তেওঁলোকৰ ব্যৱসায় এতিয়া যথেষ্ট লাভজনক হৈ পৰিছে।

Related News