কাম নিদিব এন্টিবায়টিকে, ‘অদমনীয়’ বীজাণুৰ সংক্ৰমণত বিশ্বজুৰি মৃত্যু হ’ব ৪ কোটি মানুহৰ!

প্ৰতিনিধিত্বমূলক ফটো।

এন্টিবায়টিকৰ উদ্ভাৱন চিকিৎসা বিজ্ঞানৰ অন্যতম যুগান্তকাৰী আৱিষ্কাৰ। কিন্তু শাকেপাতে সেই ঔষধ খোৱাই কাল হবলৈ আগবাঢ়িছে। দীৰ্ঘদিন ধৰি চিকিৎসসকলে এন্টিবায়টিক সেৱনৰ বিষয়ে সতৰ্কবাণী কৰি আহিছে যদিও কোনেও গুৰুত্ব দিয়া নাই। ইয়াৰ ফলত এক শ্ৰেণীৰ বীজাণু ক্ৰমান্বয়ে ‘অপ্ৰতিৰোধী’ হৈ পৰিছে। যাৰ বাবে এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি পাইছে। গৱেষকসকলে দাবী কৰিছে যে ২০৫০ চনৰ ভিতৰত এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণৰ বাবেই ৪ কোটি লোকৰ মৃত্যু হ’ব।

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এপিডোমিওলজিষ্ট জোচেফ লিঅ’নাৰ্ডে কয় যে আমি নিজকে আনি ক’ত থিয় কৰাইছো সেয়া বুজিব লাগিব। ‘দ্য লেন্সেট’ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ১৯৯০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ইয়াৰ বাবে প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হৈছিল। ভৱিষ্যতে এই হাৰ বৃদ্ধি পাব। আৰু ২০২৫ চনৰ পৰা ২০৫০ চনৰ ভিতৰত ইয়াৰ ফলত ২০৪খন দেশত বছৰি ২০ লাখ লোকৰ মৃত্যু হ’ব। মুঠতে এই সংখ্যা হ’ব ৩ কোটি ৯০ লাখতকৈও অধিক।

লগতে পঢ়কঃ শিৱসাগৰৰ কোঁৱৰপুৰত লোমহৰ্ষক হত্যাকাণ্ড; শোৱাপাটীতে পুত্ৰক ঘপিয়াই হত্যা কৰিলে পিতৃয়ে

উল্লেখ্য যে এন্টিবায়টিক মূলতঃ বেক্টেৰিয়াজনিত ৰোগৰ বিৰুদ্ধে ফলপ্ৰসূ। আৰু তাৰ বাবেই ইহঁতে শৰীৰৰ বাবে উপকাৰী বেক্টেৰিয়াও ধ্বংস কৰে। তদুপৰি ইয়াৰ বিভিন্ন পাৰ্শ্বক্ৰিয়াও আছে। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ বিপদ হৈছে এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি।

গৱেষকসকলৰ মতে, পাঁচ বছৰৰ তলৰ লোকৰ মাজত যোৱা তিনিটা দশকত ই ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ৭০ বছৰৰ ওপৰৰ লোকৰ বাবে বৃদ্ধিৰ হাৰ ৮০ শতাংশ। এই পৰিসংখ্যাই দেখুৱায় যে পৰিস্থিতি কি পৰ্যায়ত উপনীত হৈছে।

লগতে পঢ়কঃ যুদ্ধক্ষেত্ৰত অশান্ত প্ৰহৰ! ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুঁজ দিয়া প্ৰতাৰিত ভাৰতীয়ৰ কাহিনী

এনে পৰিস্থিতিত গৱেষকসকলে সকীয়াই দিছে। নতুন প্ৰতিবেদন অনুসৰি ইয়াত পোৱা তথ্যই ভৱিষ্যতে ঔষধ প্ৰস্তুত আৰু নতুন ভেকচিন প্ৰস্তুত কৰাত সতৰ্ক হ’ব লাগিব। ইয়াৰ বাবে বিশ্বব্যাপী বিনিয়োগ আৰু কম আয়ৰ দেশসমূহৰ সৈতে নিয়মীয়া আলোচনাৰ প্ৰয়োজন। তেতিয়া হয়তো পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব।