বিহাৰৰ এটি কোম্পানি চৌহদত আৱদ্ধ বৰপেটা জিলাৰ ৫০ জনীয়া যুৱকৰ দল

Lockdown: Assam Chief Secratary appeals Assam people stranded outside state to remain where they are

ফটো : নৰ্থ-ইষ্ট নাও

সম্প্ৰতি মহামাৰী ক’ৰ’না ভাইৰাছত আতংকিত সমগ্ৰ বিশ্ব। এই ভাইৰাছ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে দেশজুৰি বলবৎ হৈছে ল’কডাউন।

এই ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত বহু যুৱক যুৱতী ইতিমধ্যে নিজ ৰাজ্য অসমলৈ উভতি আহিছে যদিও বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ জনীয়া যুৱকৰ দল এটি বিহাৰত আৱদ্ধ হৈ আছে।

উল্লেখ্য যে, বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানা আৰু হাউলী আৰক্ষী থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ এই ৫০ জনীয়া যুৱকৰ দলটিয়ে বিহাৰৰ এটা কোম্পানিত কাম কৰি আছিল।

যোৱা ২২ মাৰ্চৰ পৰা ক’ৰ’না ভাইৰাছৰ বাবে এই কোম্পানি বন্ধ হৈ পৰাৰ লগতে যান-বাহন চলাচলতো বাধা আৰোপ কৰাত অসমৰ এই যুৱকৰ দ’লটোৱে আজিলৈ বিহাৰৰ অৰংগাবাদ জিলাৰ বাৰুণ আৰক্ষী থানাৰ অন্তৰ্গত চুন নগৰস্থিত কোম্পানিৰ চৌহদতে আৱদ্ধ হৈ আছে।

বৰপেটা জিলাৰ বৰনগৰ ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি চলমান আলীক আজি ফোন যোগে সমগ্ৰ ঘটনা অৱগত কৰে বিহাৰত আৱদ্ধ হৈ থকা যুৱকৰ দলটোৱে।

নিজ গৃহত অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে যুৱকৰ দলটোৱে।