কোভিড যোদ্ধা! বিগত ৯মাহত কৰ’নাত মৃত্যু হৈছে ৫০০ সাংবাদিকৰ

images-4

প্ৰতিনিধিত্বমূলক ফটো।

যোৱা ১ মাৰ্চৰ পৰা বিশ্বৰ ৫৬খন দেশত প্ৰায় ৫০০জন সাংবাদিকৰ কোভিড-১৯ৰ ফলত মৃত্যু হৈছে। জেনেভাস্থিত আন্তৰ্জাতিক সংবাদমাধ্যমৰ অধিকাৰ সংস্থা প্ৰেছ এমব্লেম কেম্পেইনে মঙলবাৰে এই কথা প্ৰকাশ কৰে।

সংস্থাটোৱে লগতে উল্লেখ কৰে যে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে।

নৱেম্বৰ মাহত কমেও ৪৭জন সংবাদকৰ্মীয়ে কৰ’না ভাইৰাছৰ ফলত মৃত্যুক আকোঁৱালি লৈছে। অক্টোবৰত এই সংখ্যা আছিল ২২জন।

সংস্থাটোৱে প্ৰকাশ কৰা যোৱা ১ মাৰ্চৰ পৰা মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হোৱা সাংবাদিকৰ ৪৮৯জন সাংবাদিকৰ ভিতৰত লেটিন আমেৰিকাত আধাতকৈয়ো বেছি ভাইৰাছৰ বলি হৈছে আৰু এই সংখ্যা হৈছে ২৭৬জন।

ইয়াৰ পাছতে এছিয়াত ১২৫জনৰ, য়ুৰোপত ৩৮জনৰ আৰু উত্তৰ আমেৰিকাত ২৬জন তথা আফ্ৰিকাত ২৪জন সাংবাদিকৰ মৃত্যু হৈছে।

যোৱা মাৰ্চৰ পৰা কৰ’না ভাইৰাছৰ ফলত পেৰুত আটাইতকৈ বেছি ৯৩জন সংবাদকৰ্মীৰ মৃত্যু হৈছে।

আনহাতে, এইক্ষেত্ৰত দ্বিতীয়খন আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত দেশ হৈছে ভাৰত। দেশখনত এই সময়ছোৱাত ভাইৰাছৰ ফলত ৫১জন সাংবাদিকৰ মৃত্যু হৈছে।

সেইদৰে ৪৩জনৰ মৃত্যু ঘটা ব্ৰাজিল আছে তৃতীয় স্থানত, ৪১জনৰ মৃত্যুৰে ইকুৱেদৰ চতুৰ্থ স্থানত, ৩৯জনৰ মৃত্যুৰে বাংলাদেশ পঞ্চম স্থানত আৰু ৩৩জনৰ মৃত্যুৰে মেক্সিকো আছে ষষ্ঠ স্থানত।

ইপিনে. কৰ’না ভাইৰাছৰ ফলত সাংবাদিকৰ মৃত্যুৰ ক্ষেত্ৰত সপ্তম স্থানত আছে আমেৰিকা। দেশখনত ২৫জন সাংবাদিকে কৰ’নাত প্ৰাণ হেৰুৱাইছে। পাকিস্তানত কৰ’নাত মৃত্যু হৈছে ১২জন সাংবাদিকৰ।