বানত বিপৰ্যস্ত অসম, ক্ষতিগ্ৰস্ত প্ৰায় দুই লাখ লোক

বৃহস্পতিবাৰে (৩০ মে’) অসমৰ বান পৰিস্থিতিৰ অৱনতি ঘটাত ৯ খন জিলাৰ ১ লাখ ৯৮ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে এই দুৰ্যোগত আন এজনৰ মৃত্ছু হৈছে আৰু মঙলবাৰৰ পৰা মৃত্যুৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে। ৰেমাল ঘূৰ্ণীবতাহৰ পিছত নেৰানেপেৰা বৰষুণৰ ফলত নদীসমূহ উফন্দি উঠিছে।

হাইলাকান্দি জিলাত বানপানীৰ ফলত এজন লোক পানীত ডুব যোৱাৰ লগতে ১৮ জন লোক আহত হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰে যে নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং, আৰু ডিমা হাচাও জিলাই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

কাছাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, ইয়াৰ ফলত ১০২,২৪৬ জন বাসিন্দা আক্ৰান্ত হৈছে, তাৰ পিছতে কৰিমগঞ্জত ৩৬,৯৫৯ জন, হোজাইত ২২,০৫৮ জন, আৰু হাইলাকান্দিত ১৪,৩০৮ জন বাসিন্দা আক্ৰান্ত হৈছে।

ইয়াৰ উপৰিও ৩,২৩৮.৮ হেক্টৰ শস্য ভূমি বিধ্বস্ত কৰাৰ লগতে ২৩৪,৫৩৫ টা জীৱ-জন্তুৰ ক্ষতিসাধন হৈছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি প্ৰধান নদীৰ লগতে ইয়াৰ উপনৈসমূহ কেইবাটাও স্থানত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

৩৫ হাজাৰৰো অধিক লোকে ১১০টা সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে, য’ত সৰ্বাধিক সংখ্যক লোকে হোজাই (১৯,৬৪৬), কাছাৰ (১২,১১০), হাইলাকান্দি (২,০৬০), আৰু কৰিমগঞ্জ (১,৬১৩)ত আশ্ৰয় বিচাৰিছে।

বানপানীৰ বাবে বৰাক উপত্যকাৰ জিলা আৰু ডিমা হাছাওত জনজীৱন স্তব্ধ হৈ পৰিছে। মাজে মাজে হোৱা বৰষুণ আৰু ধুমুহাই এই অঞ্চল আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

বৰাক নদী আৰু ইয়াৰ উপনৈ যেনে লংগাই, কুছিয়াৰা, চিংলা, কাটাখাল আদি সকলোবোৰ উফন্দি উঠিছে আৰু কৰিমগঞ্জৰ চাৰিটা মথাউৰিৰ ক্ষতিসাধন কৰিছে।

২০২২ চনত ভয়াৱহ বানপানীৰ সন্মুখীন হোৱা শিলচৰত পানী আৱদ্ধ হোৱাৰ ফলত কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত চলাচল আৰু যাতায়ত ব্যাহত হৈছে।

ডিমা হাছাও জিলা অহৰহবৰষুণৰ ফলত “গুৰুতৰভাৱে প্ৰভাৱিত” হৈছে, যাৰ ফলত পথ সংযোগ বিছিন্ন হৈ পৰিছে।

হাফলং-শিলচৰ পথটো হাৰংগাজাওৰ সমীপত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, একাধিক ভূমিস্খলনে হাফলং-হাৰংগাজাও পথ বন্ধ কৰি তুলিছে।

উমৰংছ’-লংকা পথৰ বাহিৰে নিশাৰ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই।

ভূমিস্খলনৰ বাবে হাফলং-বদৰপুৰ ৰে’লপথত ৰে’ল সেৱা বন্ধ বা হ্ৰাস কৰা হৈছে।

নগাঁৱত বৃদ্ধি পোৱা বৰপানী নদীয়ে চিলডুবিৰ পৰা আমডুবিলৈ পথ আৰু ৰমণিপথাৰ কাঠৰ দলঙৰ ক্ষতিসাধন কৰি পমালি জাৰনিৰ এখন বিদ্যালয় ডুবাই পেলাইছে।

গোলাঘাট জিলাৰ ধনশিৰি নদীও বিপদসীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত কেইবাটাও নিম্নভূমি অঞ্চল ডুব গৈছে।

শোণিতপুৰত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি অব্যাহত আছে, বহু ঠাইত বিপদৰ সীমাৰ ওপৰেৰে বোৱাৰ খবৰ পোৱা গৈছে।

গুৱাহাটী মহানগৰীত যথেষ্ট পৰিমাণৰ পানী জমা হোৱাৰ ফলত প্ৰচণ্ড বৰষুণৰ বাবে যাতায়তত প্ৰভাৱ পৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিমা হাচাও, ধুবুৰী, আৰু দক্ষিণ শালমাৰা জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।

তৃতীয় দিনৰ বাবেও ফেৰী সেৱা বন্ধ হৈ আছে, আৰু ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

মুখ্য সচিব ৰবি কোটাই জিলা উপায়ুক্তসকলক ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সুৰক্ষা আৰু সুস্থতাক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিছে।

চলি থকা সংকটৰ মোকাবিলা কৰিবলৈ এ এছ ডি এম এ সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি বিভিন্ন বিভাগ আৰু ব্যৱস্থাপনা সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে।