অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি জৈৱ-প্ৰযুক্তিৰ উত্তৰ পূৰ্বাঞ্চলীয় কেন্দ্ৰ উদ্বোধন

25390_AAUASSAM_APP

আজি ১৯ নৱেম্বৰ সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি জৈৱ-প্ৰযুক্তিৰ বাবে উত্তৰ পূৰ্বাঞ্চলীয় কেন্দ্ৰ (North East Centre for Agricultural Biotechnology) উদ্বোধন কৰা হৈছে। কৃষি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য কে এম বুজৰবৰুৱাই জৈৱ-প্ৰযুক্তি কেন্দ্ৰ কৃষি জৈৱ-প্ৰযুক্তিৰ বাবে উত্তৰ পূৰ্বাঞ্চলীয় কেন্দ্ৰ হিচাপে পুনৰ উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল অষ্ট্ৰেলিয়াৰ কেনবেৰাস্থিত চিএছআইআৰঅ’ৰ জীনীয় আভিযান্ত্ৰিক ক্ষেত্ৰৰ বিশ্ব প্ৰসিদ্ধ বিশেষজ্ঞ তথা জৈৱ-প্ৰযুক্তিৰ বাবে উত্তৰ পূৰ্বাঞ্চলীয় কেন্দ্ৰৰ বিজ্ঞান উপদেষ্টা কমিটীৰ অধ্যক্ষ টিজে হিগিনছ, ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ উপদেষ্টা মহম্মদ আছলাম আৰু এনইআৰবিপিএমচিৰ পৰামৰ্শপ্ৰদানকাৰী উপদেষ্টা টি মদন মোহন আদি বিশিষ্ট লোকসকল উপস্থিত থাকে।

উপাচাৰ্যগৰাকীয়ে কৈছে এই কেন্দ্ৰটোৰ দ্বিতীয় পৰ্যায়ত যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগে ২৪ কোটি টকা অনুমোদন দিছে আৰু কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰয়োজন পূৰণ কৰিব।

অসমৰ এই কেন্দ্ৰটোৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যত পাঁচটা উপকেন্দ্ৰ স্থাপন কৰা হ’ব।

বুজৰবৰুৱাই কৈছে যে কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ জৈব প্ৰযুক্তি আৰু মানৱ সম্পদ উন্নয়নৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ প্ৰদান উদ্দেশ্য হৈছে জীনীয় প্ৰযুক্তি প্ৰয়োগ কৰি ধানৰ  জৈৱিক আৰু পাৰিপাৰ্শিক পীড়ণৰ প্ৰতি সহ্যক্ষমতা বৃদ্ধি কৰা, মাহজাতীয় শস্যৰ উন্নতিসাধন কৰা, শস্যভূমিত থকা অনুজীৱৰ ভূমিত থকা অম্লগুণ সহ্যক্ষমতাৰ জীনীয় ভাৱে বৃদ্ধি কৰা আৰু নতুন আৰু অধিকতৰ কাৰ্যকৰী জৈৱসাৰ আৰু জৈৱ কীটনাশক আৱিষ্কাৰ কৰি জৈৱ কৃষি ব্যৱস্থাক উদগনি দিয়া।

তাৰোপৰি, এই কেন্দ্ৰটোত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী আৰু গৱেষকসকলৰ মাজত বৈজ্ঞানিক তথ্য আদান-প্ৰদানৰ ব্যৱস্থা থাকিব আৰু ইয়াৰ ইয়াৰ দ্বাৰা তেওঁলোকক আন্তৰ্জাতিক মান খ্যাতিসম্পন্ন গৱেষণাগাৰত প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ পূৰ্বে জৈৱ প্ৰযুক্তি বিভাগৰ সঞ্চালক বি কে শৰ্মাই সকলোকে আদৰণি জনায়।