নৰ্থইষ্ট ডাইল’গ ফ’ৰামে গ্ৰহণ কৰিলে ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’; কি আহ্বান ফ’ৰামৰ?

নৰ্থইষ্ট ডাইল’গ ফ’ৰামে (NEDF) শনিবাৰে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ত “ভাৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়”ক দাবী জনাই ‘ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ’ (The Brahmaputra Declaration) গ্ৰহণ কৰে।

এন ই ডি এফে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে যে ভাৰতৰ উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে ‘মেইটেই আৰু কুকি, কুকি আৰু নগা, বড়ো আৰু আদিবাসী, অসমীয়া আৰু মুছলমান আদিৰ মাজৰ সংঘাতৰ বিষয়টো বিশ্লেষণ কৰাৰ উদ্দেশ্যেৰে সংঘাতৰ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত কৰে।’

ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ অধিকাৰ ঘোষণা (২০০৭)ৰ অধীনত দিয়া অধিকাৰসমূহক সম্পূৰ্ণৰূপে স্বীকৃতি দিয়াৰ লগতে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকক ভাৰতৰ উত্তৰ পূবৰ খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাসমূহত মনোযোগ দিয়াৰ বাবে মঞ্চই আহ্বান জনাইছে।

ইয়াত ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী চুক্তি ১৯৫১’ৰ আধাৰত ম্যানমাৰ, বাংলাদেশ, নেপাল আদিৰ পৰা উত্তৰ পূবলৈ অহা শৰণাৰ্থীৰ মৰ্যাদাপ্ৰাপ্ত  শৰণাৰ্থীসকলক সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে যাতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি তেওঁলোকৰ খাদ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰৰ দৰে মৌলিক মানৱ অধিকাৰসমূহ নিশ্চিত হয়।

ভাৰত চৰকাৰে নিজৰ নাগৰিকক প্ৰতিশ্ৰুতি দিয়া পৰিৱেশ, আৰ্থ-সামাজিক, স্বাস্থ্য, মানৱ অধিকাৰ, খনিজ খনন, ঘাইপথ নিৰ্মাণ, ৰেলপথ, দলং নিৰ্মাণ, ৰাষ্ট্ৰীয় উদ্যান আদিৰ উন্নয়ন প্ৰকল্পসমূহ দ্বাৰা খিলঞ্জীয়া জনগোষ্ঠীৰ পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম জীৱিকা বজাই ৰখা আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ২০৩০ নিশ্চিত কৰিব লাগে।

মঞ্চই মণিপুৰৰ মেইটেই আৰু কুকিৰ মাজত চলি থকা হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ আৰু বন্ধ কৰিবলৈও চৰকাৰক দাবী জনায়। তদুপৰি, “অপাৰেচন স্থগিত ৰখাৰ অধীনত থকা সশস্ত্ৰ গোটসমূহে মানুহক হত্যা কৰা বন্ধ কৰি সাধাৰণ নাগৰিকক সুৰক্ষা দিয়া, লেণ্ডমাইন ব্যৱহাৰ নকৰা, শিশু সৈনিক নৰখা আদি জেনেভা চনদৰ সৈতে স্বাক্ষৰ কৰা তিনিটা চুক্তি নিশ্চিত কৰিবলৈও দাবী জনায় ” লগতে মণিপুৰৰ ঐতিহাসিক আৰু ভূখণ্ডীয় অখণ্ডতাক স্বীকৃতি দিবলৈও আহ্বান জনায়।

এন ই ডি এফে ভাৰত চৰকাৰক ম্যানমাৰৰ মানৱ অধিকাৰৰ পৰিস্থিতি সন্দৰ্ভত বিশেষ প্ৰতিবেদকৰ সৈতে যোগাযোগ কৰি চিন প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যকৰী পদ্ধতি পৰীক্ষা কৰিবলৈ আৰু “ম্যানমাৰত গণতন্ত্ৰ ৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্ৰৰ ব্যৱহাৰ আৰু লগতে মণিপুৰৰ গণতন্ত্ৰ আৰু অখণ্ডতা ৰক্ষা আৰু প্ৰসাৰিত কৰা মণিপুৰৰ জনসাধাৰণৰ বাবে এই অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।”

ইয়াৰ উপৰিও সন্ত্ৰাসবাদ বিৰোধী বিশেষ প্ৰতিবেদক, মহিলাৰ বিৰুদ্ধে হিংসাৰ বিশেষ প্ৰতিবেদক আৰু ৰাষ্ট্ৰসংঘৰ বৰ্ণ বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্যসকলক অতি সোনকালে মণিপুৰ আৰু উত্তক পূব ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাবলৈ ভাৰত চৰকাৰক আহ্বান জনায়।

আন দাবী কিছুমানৰ ভিতৰত আছে মণিপুৰৰ পৰা অসম ৰাইফলছ আঁতৰাই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ বাতিল কৰাৰ দাবী; মণিপুৰৰ SoO গোটসমূহক গুলীচালনা বন্ধ কৰিবলৈ নিৰ্দেশ দি খেতিৰ এই ভৰ কালত কৃষকসকলক ধান খেতি কৰিবলৈ মুক্তভাৱে অনুমতি দিয়া; মণিপুৰত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী, ৰেপিড একচন বাহিনী আৰু অসম ৰাইফলছে সাধাৰণ নাগৰিক বিশেষকৈ মহিলা প্ৰতিবাদকাৰীক কৰা অমানৱীয় কাৰ্য আৰু গুৰুতৰ মানৱ অধিকাৰ উলংঘা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ইত্যাদি।

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানসমূহত নিয়োজিত হৈ থকা কেন্দ্ৰীয় সুৰক্ষা বাহিনীক আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলক অতি সোনকালে বিদ্যালয়-মহাবিদ্যালয়ত শ্ৰেণীত উপস্থিত থকাৰ অনুমতি দিবলৈও আহ্বান জনায়।