NORTHEAST NOW (Assamese)

‘আগ্ৰাসী লকডাউনেহে দেশত দ্বিতীয় ঢৌৰ কৰোনাক প্ৰতিহত কৰিব পাৰিব’, কোনে এই বিশেষ মন্তব্য কৰিলে?

May 2, 2021 10:16 am · এন ই নাও নিউজ

দেশত কৰোনাৰ দ্বিতীয় লহৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে লকডাউনৰ সম্ভাৱনাই সততে জনতাৰ মাজত চৰ্চা লাভ কৰি আহিছে।

প্ৰশ্নৰ উদ্ৰেক হৈছে, দেশত কৰোনা প্ৰতিহত কৰিবলৈ পুনৰ সৰ্বাত্মক লকডাউন বলৱৎ কৰা হ’ব নেকি?

চৰকাৰে সম্পূৰ্ণ লকডাউনৰ সপক্ষে এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও দেশৰ কিছু স্বাস্থ্য বিশেষজ্ঞ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ জো বিদেন প্ৰশাসনৰ স্বাস্থ্য পৰামৰ্শদাতা এন্থনী ফাউচিয়ে কেৱল সৰ্বাত্মক লকডাউনেহে ভাৰতত কোভিড সংক্ৰমণ ৰোধ কৰিব পাৰিব বুলি মন্তব্য কৰি আহিছে।

ভাৰতীয় স্বাস্থ্য বিশেষজ্ঞ তথা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰধান ডাঃ ৰণদ্বীপ গুলেৰীয়াইও দেশত সৰ্বাত্মক লকডাউন বলৱৎ কৰিলেহে কৰোনাক প্ৰতিহত কৰাতো সম্ভৱ হ’ব বুলি মন্তব্য কৰিছে।

ৰাষ্ট্ৰীয় এক সংবাদ প্ৰতিষ্ঠান এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত ডাঃ গুলেৰীয়াই কয় যে আগ্ৰাসী লকডাউনেহে দেশত কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব।

বিগত বৰ্ষৰ মাৰ্চত দেশত বলৱৎ কৰা লকডাউন দৰে এইবাৰো লকডাউনৰ পোষকতা কৰে ডাঃ গুলেৰীয়াই।

তেওঁৰ মতে ব্যাপকৰূপত সংক্ৰমণ বৃদ্ধি পোৱা ৰাজ্যসমূহত নৈশ সান্ধ্য আইন আৰু উইকএণ্ড লকডাউনে সংশ্লিষ্ট ৰাজ্যসমূহত কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

Related News