NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱস উপলক্ষে পাঠশালাত  নিম গছৰ পুলি বিতৰণ

August 15, 2018 5:52 pm · শশাংক তালুকদাৰ

স্বাধানতা দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি গ্ৰীন মিশ্যন আৰু পাঠশালা টাউন কমিটীয়ে পাঠশালা চহৰৰ মাজেৰে অহা-যোৱা কৰা লোকসকলৰ মাজত নিম গছৰ পুলি বিতৰণ কৰে।

সেউজীয়া পাৰিপাৰ্শিকতাই মানুহৰ জীৱনত পেলোৱা ইতিবাচক প্ৰভাৱ আৰ ক্রমবর্ধ্বমান গোলকীয় উষ্ণতা সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰাৰ বাবে এই নিম গছৰ পুলি বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

ভাৰতীয় জীৱন বীমা নিগমৰ পাঠশালা শাখাৰ কৰ্মী, বজালী গ্ৰীন মিশ্যনৰ সঞ্চালক তথা এগৰাকী নিষ্ঠাৱান প্ৰকৃতিপ্ৰেমী তথা অসমৰ ব্ৰেণ্ড এম্বেছেডৰ আনন্দ খনিকৰ, পাঠশালা টাউন কমিটীৰ সদস্যসকল, অধ্যক্ষ হিমাংশু ৰয় আৰু কৰ্মী প্ৰভা দেৱী আদিয়ে পাছঠশালা চহৰৰ মাজেৰে যোৱা পথটোৰে অহা-যোৱা কৰা পথচাৰীসকলৰ মাজত এহেজাৰ নিম গছৰ পুলি বিতৰণ কৰে।

নিম পুলি বিৰণৰ পাচত খনিকৰে ৰাইজক গছপুলি ৰোপণ অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায়।

Related News