মাত্ৰ ২ ছেন্টমিটাৰৰ বাবে থমকিল নীৰজ চোপ্ৰা; পেৰিচ অলিম্পিকৰ পূৰ্বে ডোহাত কি ঘটিল?

অলিম্পিক চেম্পিয়নৰ খিতাপ ৰক্ষাৰ বাবে এইবাৰ পেৰিছলৈ যাব নীৰজ চোপ্ৰা। অৱশ্যে তাৰ আগতে তেওঁ যোৱা বছৰ জয়ী হোৱা এটা ডাঙৰ খিতাপ হেৰুৱালে। ভাৰতৰ ছুপাৰষ্টাৰ জেভেলিন থ্ৰ’ৱাৰগৰাকী ডোহা ডাইমণ্ড লীগত ২ ছে.মি.ৰ বাবে দ্বিতীয় স্থানতে সন্তুষ্ট হ’ব লগা হ’ল।

যোৱা বছৰ ডোহা ডাইমণ্ড লীগত এক নম্বৰ স্থান দখল কৰা নীৰজ চোপ্ৰাক পৰাস্ত কৰি চেক গণৰাজ্যৰ ইয়াকুবে পিছ পেলালে। নীৰজ চোপ্ৰাই ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰাৰ বিপৰীতে চেক ৰিপাব্লিকান দলৰ থ্ৰ’ৱাৰগৰাকীয়ে ৮৮.৩৮ মিটাৰ দূৰত্ব নিক্ষেপ কৰিছিল।

লগতে পঢ়কঃ IPL 2024: শুভমন-সুদৰ্শনৰ শতকেৰে দুৰ্দান্ত জয়! গুজৰাটৰ হাতত হাৰি কঠিন হ’ল চেন্নাইৰ প্লে অফৰ পথ

দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ডোহা ডাইমণ্ড লীগত তৃতীয় স্থান দখল কৰে। তেওঁ ৮৬.৬২ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ভাৰতৰ আন এজন জেভেলিন থ্ৰ’ৱাৰ কিশোৰ জেনাইও ডোহা ডাইমণ্ড লীগত অভিষেক ঘটালেও তেওঁৰ প্ৰদৰ্শন যথেষ্ট হতাশাজনক আছিল। তৃতীয় ৰাউণ্ডতে কিশোৰ জেনা বাহিৰ হয়। তেওঁৰ শ্ৰেষ্ঠ নিক্ষেপ আছিল ৭৬.৩১ মিটাৰ। ২৮ বছৰীয়া জেনাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ হৈছে ৮৭.৫৪ মিটাৰ, যিটো তেওঁ যোৱা বছৰ এছিয়ান গেমছত অৰ্জন কৰিছিল আৰু ৰূপৰ পদক লাভ কৰিছিল।

ডোহা ডাইমণ্ড লীগত নীৰজ চোপ্ৰাক অতিক্ৰম কৰি যোৱা চেক গণৰাজ্যৰ থ্ৰ’ৱাৰগৰাকীয়ে টকিঅ’ অলিম্পিকত ৰূপ আৰু বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এই দুয়োটা জেভেলিন ইভেণ্টতে নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছিল। যোৱা বছৰ নীৰজ চোপ্ৰাই ৮৮.৬৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগ জয় কৰিছিল। ইয়াৰ পিছতে ইয়াকুবে ৮৮.৬৩ মিটাৰ দূৰত্বৰে আৰু এণ্ডাৰছন পিটাৰ্ছে ৮৫.৮৮ মিটাৰ দূৰত্বৰে তৃতীয় স্থান লাভ কৰিছিল।

লগতে পঢ়কঃ মহিলাৰ শ্লীলতাহানিৰ অভিযোগ! নিৰ্বাচনৰ মাজতে গ্ৰেপ্তাৰ হ’ল হেভিৱেট বিজেপি নেতা

পৰৱৰ্তী ডাইমণ্ড লীগ অহা ৭ জুলাইৰ পৰা পেৰিছত অনুষ্ঠিত হ’ব। ১৩ আৰু ১৪ ছেপ্টেম্বৰত ব্ৰাছেলছত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেলত প্ৰৱেশ কৰিব শীৰ্ষ ৬ জন জেভেলিন থ্ৰৱাৰে। তাতেই বিজয়ীক ডাইমণ্ড লীগৰ ট্ৰফী দিয়া হ’ব।