১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

WhatsApp-Image-2021-03-13-at-10.01.41-AM-750x375

প্রতিনিধিত্বমূলক ফটো।

অহা ১৭ জুলাইত সমগ্ৰ দেশতে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰৱেশ পৰীক্ষা ‘নেশ্যনেল ইলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট’ (NEET)। অহা ২ এপ্ৰিলৰ পৰাই ইয়াৰ বাবে পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

মুঠ ১৩টা ভাষাত এই পৰীক্ষা লোৱা হ’ব। এইবাৰ সম্পূৰ্ণ অফলাইন মাধ্যমত পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীসকল। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা হ’ব।

ইচ্ছুক শিক্ষাৰ্থীসকলে NEET পৰীক্ষাৰ বাবে ইয়াৰ আনুষ্ঠানিক ৱেবছাইট neet.nta.nic.in-লৈ গৈ নিজৰ আবেদন দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলে অহা মে মাহৰ ৭তাৰিখলৈ নিজৰ নাম পঞ্জীয়ণ কৰিব পাৰিব।

এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কি কি নথিৰ প্ৰয়োজন?

কেনেকৈ কৰিব আবেদন? 

মাছুল জমা দিয়া হ’লে আবেদন পত্ৰৰ এটা কপি ডাউনলোড কৰি প্ৰিন্ট কৰাই নিজৰ লগত ৰাখিব।