NEET UG পৰীক্ষা আকৌ এবাৰ পুৰণি পদ্ধতিলৈ ঘূৰি আহিছে। ২০২৫ চনৰ নীট ইউজি পৰীক্ষা প্ৰাক-কোভিড পৰীক্ষাৰ অনুৰূপ পদ্ধতিৰে অনুষ্ঠিত হ’ব। ২০২৫ চনত নীট ইউজি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো পৰীক্ষাৰ্থীৰ বাবে এই নতুন ফৰ্মেট ৰূপায়ণ কৰা হৈছে।
কোভিডৰ সময়ছোৱাত এই পৰীক্ষাত Section-B ত এটা ‘ঐচ্ছিক প্ৰশ্ন’ শিতান আৰু অতিৰিক্ত সময় সংযোজন কৰা হৈছিল। অৱশ্যে এতিয়াৰ পৰা প্ৰাৰ্থীয়ে আৰু সেইটো নাপাব।
চাৰি বছৰৰ মূৰত এই পৰীক্ষা পুনৰ প্ৰাক-কোভিড নীট ইউজি পৰীক্ষাৰ ফৰ্মেটলৈ ঘূৰি আহিছে। ২০২৫ চনৰ নীট ইউজি পৰীক্ষাৰ বাবে ১৮০টা বাধ্যতামূলক প্ৰশ্ন থাকিব। ইয়াত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ক্ৰমে ৪৫ নম্বৰ আৰু জীৱবিজ্ঞানত ৯০ নম্বৰ। প্ৰতিজন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ ১৮০ মিনিট বা ৩ ঘণ্টা সময় পাব।
নেচনেল টেষ্টিং এজেন্সী বা এন টি এয়ে কয়, ‘নিট (ইউ জি), ২০২৫ চনৰ সকলো পৰীক্ষাৰ্থীক ইয়াৰ দ্বাৰা অৱগত কৰা হয় যে প্ৰশ্নপত্ৰৰ পেটাৰ্ণ আৰু পৰীক্ষাৰ সময়সীমা পুনৰ ক’ভিড পূৰ্বৰ ফৰ্মেটলৈ ঘূৰি আহিব য’ত এইবাৰ কোনো ছেকচন বি নাথাকে।’ অতি সোনকালে NEET UG ৰ আৱেদন গ্ৰহণ আৰম্ভ কৰিব।
জানিব পৰা মতে, পৰীক্ষাৰ বাবে পঞ্জীয়নত APAAR ID ৰ প্ৰয়োজন নহ’ব। খবৰ অনুসৰি এন টি এয়ে অতি সোনকালে পঞ্জীয়ন সন্দৰ্ভত সবিশেষ ঘোষণা কৰিব। জানিব পৰা মতে, এন টি এয়ে এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ বাবে কাগজ-কলমৰ পৰীক্ষাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। আৰু সেয়া এটা শ্বিফটতে হ’ব বুলি জনোৱা হৈছে। অৱশ্যে এইবাৰৰ পৰীক্ষাৰ গাইডলাইন এতিয়াও প্ৰকাশ কৰা নাই এন টি-য়ে।
২০২৪ চনৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UGৰ পৰীক্ষাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৫ মে’ত NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত এই ঘটনা উচ্চতম ন্যায়ালয়ত গৈ উপনীত হয়। অৱশেষত ২০২৪ চনৰ NEET UG পৰীক্ষা বাতিলৰ আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে।