NORTHEAST NOW (Assamese)

আগুৱালে ২০২৪-ৰ NEET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

March 21, 2024 8:19 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 24, 2024 10:48 am
প্ৰতিনিধিত্বমূলক ফটো।

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেঞ্চ টেষ্ট (NEET PG 2024) পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ৭ জুলাইৰ পৰা ২৩ জুনলৈ আগুৱাই অনা হৈছে পৰীক্ষা। ইয়াৰ আগতেও এবাৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছিল। এই পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণৰ বাবে নেশ্যনেল মেডিকেল কমিশ্যনৰ সৈতে অনুষ্ঠিত PGMEB, DGHS, NBEMSৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

নেশ্যনেল মেডিকেল কমিশ্যনৰ তথ্য অনুসৰি অহা ২৩ জুনত অনুষ্ঠিত হ’ব ২০২৪ চনৰ নেট পিজি পৰীক্ষা। ইয়াৰ পূৰ্বে এই পৰীক্ষাৰ তাৰিখ আছিল ৭ জুলাই। ইয়াৰ পূৰ্বে ৩ মাৰ্চৰ দিনটো পৰীক্ষাৰ দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ ৩ মাৰ্চৰ পৰা ৭ জুলাই হৈ পৰে। এতিয়া জনোৱা হৈছে যে অহা ৭ জুলাইৰ পৰিৱৰ্তে ২৩ জুনত পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ অন্তত ১৫ জুলাইৰ ভিতৰত ফলাফল প্ৰকাশ পাব বুলিও জনোৱা হৈছে।

লগতে পঢ়কঃ জনতাৰ মূৰত মাধমাৰ, নিৰ্বাচনী বণ্ডৰ খৰচ উঠাই ল’বলৈ হোৰাহোৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীয়ে!

নেশ্যনেল মেডিকেল কমিশ্যনৰ সৈতে এই বৈঠকত উপস্থিত আছিল মেডিকেল কাউঞ্চেলিং কমিটি, পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন ব’ৰ্ড, ডিৰেক্টৰেট জেনেৰেল ফৰ হেলথ চায়েঞ্চ আৰু নেশ্যেনল ব’ৰ্ড অফ এক্সামিনেশ্যনছ ফৰ মেডিকেল চায়েঞ্চ। এই আটাইকেইটা পক্ষৰ বক্তব্য শুনি আয়োগে এই সিদ্ধান্তত উপনীত হয়। তাৰপিছতে এই তাৰিখ ঘোষণা কৰা হ’ল।

আয়োগে কয় যে পৰীক্ষাৰ পিছত কাউঞ্চেলিঙৰ তাৰিখত কোনো সালসলনি নহ’ব। ফলস্বৰূপে ৫ আগষ্টৰ পৰা কাউঞ্চেলিং আৰম্ভ হ’ব। শিক্ষাবৰ্ষৰ নামভৰ্তিৰ তাৰিখ ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। আৰু ইয়াৰ শেষ তাৰিখ ২১ অক্টোবৰ।

লগতে পঢ়কঃ প্ৰতিভা প্ৰকাশ কৰি বিপদহে আহিল! বাহনক হেলিকপ্টাৰৰ ৰূপ দি আইনী ৰোষত ‘উদ্ভাৱক‘

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৮ মাৰ্চত নেট এমডিএছ পৰীক্ষা সম্পূৰ্ণ হৈছিল। উল্লেখ্য যে  এই পৰীক্ষাটো এম ডি, এম এছ, স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বাধ্যতামূলক। NEET PG Exam ৰ বিষয়েও কিছু তথ্য আছে। সেইবোৰ এবাৰ চকু ফুৰাই চাওঁক।

পৰীক্ষাক কেন্দ্ৰ কৰি নিয়ম

NEET PG 2024 পৰীক্ষাৰ পৰীক্ষাৰ টেষ্ট পেপাৰ ৮০০ নম্বৰৰ হ’ব। মুঠ ২০০টা মাল্টিপল চইছৰ প্ৰশ্ন থাকিব। প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে ৪ নম্বৰ পাব। প্ৰতিটো ভুল উত্তৰৰ বাবে ১ নম্বৰ কৰ্তন কৰা হ’ব। ফলস্বৰূপে নিগেটিভ মাৰ্কিঙৰ নিয়ম আছে। ফলত এই কঠিন পৰীক্ষাত অতি সাৱধান হ’ব লাগিব পৰীক্ষাৰ্থীসকলে। অৱশ্যে উত্তৰ নকৰা প্ৰশ্নৰ কোনো নিগেটিভ মাৰ্কিং নাই। এই পৰীক্ষাটো হ’ব অনলাইন কম্পিউটাৰ ভিত্তিক পৰীক্ষা। ৩ ঘণ্টা ৩০ মিনিটৰ ভিতৰত সম্পূৰ্ণ পৰীক্ষা শেষ কৰিব লাগিব।

Related News