NORTHEAST NOW (Assamese)

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে নেপাল চৰকাৰে ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউব, এক্স আদিকে ধৰি ২৬ টা ছছিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

নেপালে ছচিয়েল মিডিয়া অপাৰেচন ডাইৰেক্টিভ ২০৮০ৰ নিৰ্দেশ অনুসৰি যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন নকৰাৰ এই ২৬টা ছচিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মাত্ৰ পাঁচটা প্লেটফৰ্মটিকটক, ভাইবাৰ, নিম্বুজ, ৱেটক, আৰু প লাইভপঞ্জীয়ন কৰা হৈছে আৰু সেয়েহে কাৰ্যক্ষম হৈ আছে, আনহাতে টেলিগ্ৰাম আৰু গ্লবেল ডায়েৰী পৰ্যালোচনাধীন হৈ আছে।

ভাৰত আৰু চীনৰ দৰে আঞ্চলিক নজিৰৰ উদ্ধৃতি দি চৰকাৰে যুক্তি আগবঢ়ায় যে পঞ্জীয়নে জবাবদিহিতা, কৰ পালন, আৰু ক্ষতিকাৰক বিষয়বস্তুৰ ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰে।

নেপালী সাংবাদিক ফেডাৰেচনকে ধৰি সমালোচকসকলে এই নিষেধাজ্ঞাক মুক্ত প্ৰকাশ আৰু তথ্যৰ প্ৰৱেশৰ উলংঘা বুলি গৰিহণা দিছে।

Related News