বিতৰ্কিত মানচিত্ৰ, সীমা সমস্যা, চীনৰ সৈতে ঘনিষ্ঠতা আদি বিষয় সমূহক কেন্দ্ৰ কৰি নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গাওৱালি।
চলিত মাহতে নেপালৰ বিদেশ মন্ত্ৰী গাওৱালিয়ে ভাৰত ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। ভাৰতলৈ আহি নেপালৰ বিদেশ মন্ত্ৰী গৰাকীয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰিব বুলি জনা গৈছে।
উল্লেখ্য লাডাখ প্ৰসংগকলৈ চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে অলপতে নেপাল ভ্ৰমণ কৰি গৈছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে।
২৯ নৱেম্বৰত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে এদিনীয়া ভ্ৰমণসূচীলৈ নেপাললৈ আহিছিল।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ লগতে দেশ খনৰ সেনা প্ৰধান পূৰ্ণচন্দ্ৰ থাপাৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে।
সৌসিদিনা ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শ্ৰিংলায়ো দুদিনীয়া ভ্ৰমণসূচীৰে নেপাল ভ্ৰমণ কৰি অহাৰ পিছতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপাল ভ্ৰমণ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।
শেহতীয়াকৈ নেপালে ভাৰতৰ বহু অঞ্চল সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।
ইয়াৰ মাজতে চীনে নেপালক ভাৰতৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ নেপাল ভ্ৰমণে সেয়ে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।