নেপালৰ প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে এক ডাঙৰ সিদ্ধান্তৰ জৰিয়তে ভাৰত বিৰোধী স্থিতিৰ সৃষ্টি কৰিছিল।
এতিয়া তেওঁ গ্ৰহণ কৰা সেই স্থিতি শক্তিশালী কৰি তুলিবলৈ চলোৱা প্ৰয়াসে এনে এক গতি লৈছে যে নিজৰ চৰকাৰখনেই সংকটৰ সন্মুখীন হৈ পৰিছে।
দেশখনৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধান মন্ত্ৰী হিচাপে অ’লিৰ স্থিতি সোলক-ঢোলক হৈ পৰিছে আৰু তেওঁৰ দলেই এতিয়া তেওঁ পদ এৰাটো বিচাৰিছে।
নেপাল কমিউনিষ্ট পাৰ্টি প্ৰকৃততে দুটা কমিউনিষ্ট দলৰ জোঁটবন্ধন। ইয়াৰে এটাৰ অধ্যক্ষ হৈছে পুষ্প কুমাৰ দাহাল যাক প্ৰচণ্ড নামেৰেও জনা যায়।
আনহাতে, দ্বিতীয়টো দলৰ অধ্যক্ষ হৈছে কে পি শৰ্মা অ’লি। প্ৰচণ্ডই দুবাৰকৈ নেপালৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁৰ সমৰ্থকসকলে প্ৰধান মন্ত্ৰী অ’লিৰ বিৰুদ্ধে দল আৰু চৰকাৰক দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে।
নিজৰ পদবী ধৰি ৰখা তথা ৰাষ্ট্ৰবাদ জাহিৰ কৰাৰ বাবে অ’লিয়ে ভাৰতৰ বিৰুদ্ধে এক জটিল সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ইয়াৰ ফলত ঢৌ সলনি হৈ পৰিছে।
এই সপ্তাহত অ’লি চৰকাৰে কেইবাটাও ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে।
সংসদত বিৰোধীয়ে উত্থাপন কৰা এক প্ৰস্তাৱত কোৱা হৈছে যে চীনে নেপালৰ ৬৪হেক্টৰতকৈয়ো অধিক ভূমি বেদখনল কৰিছে।
নেপাল কমিউনিষ্ট পাৰ্টিৰ স্থায়ী সমিতিৰ বৈঠকত ইয়াৰে ৪৪জন সদস্যৰ ভিতৰত মাত্ৰ ১১ জন সদস্যইহে অ’লিৰ পক্ষত থাকে। তদুপৰি, এই বৈঠক আগলৈ চলাই নিবলৈ বিচৰা হৈছিল যদিও প্ৰধান মন্ত্ৰী অ’লিয়ে তাতা উপস্থিত নথকাৰ সিদ্ধান্ত লয়।
ইয়াৰ পূৰ্বে নেপালত থকা চীন ৰাষ্ট্ৰদূতগৰাকীয়ে এনে ঘটনাত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰে। তেওঁ শাসকীয় দলৰ সদস্যসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংঘাত দূৰ কৰাৰ লগতে চৰকাৰখন বচোৱাৰ প্ৰয়াস কৰে।
প্ৰধান মন্ত্ৰী অ’লিয়ে দুটা পাৰ্টিৰ মাজত ওলমি ৰৈছে। তেওঁ ভাৰতক এৰি চীনক আঁকোৱালি লৈছে। কিন্তু এই পথত তেওঁ উজুটি খাবলগীয়া হৈছে।
অ’লিয়ে চীনৰ হাতত দেশৰ ভূমি সমৰ্পণ কৰিছে। তেওঁ ভাৰতৰ সহানুভুতিও হেৰুৱাইছে আৰু লগতে নিজৰ লোকৰ বিশ্বাসো হেৰুৱাবলৈ আৰম্ভ কৰিছে।
আটাইতকৈ ডাঙৰ কথা নিজৰ দলৰেই সদস্যৰ সমৰ্থন হেৰুৱাই সংকটৰ সন্মুখীন হৈছে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি।