DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ বিৰোধিতা কৰি নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ চকী সংকটত! দলৰ ভিতৰতে তীব্ৰ সংঘাত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 4:54 pm
WhatsApp Image 2020-06-27 at 3.58.55 PM

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ'লি।

43.5k
VIEWS
Share on FacebookShare on Twitter

নেপালৰ প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে এক ডাঙৰ সিদ্ধান্তৰ জৰিয়তে ভাৰত বিৰোধী স্থিতিৰ সৃষ্টি কৰিছিল।

এতিয়া তেওঁ গ্ৰহণ কৰা সেই স্থিতি শক্তিশালী কৰি তুলিবলৈ চলোৱা প্ৰয়াসে এনে এক গতি লৈছে যে নিজৰ চৰকাৰখনেই সংকটৰ সন্মুখীন হৈ পৰিছে।

দেশখনৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধান মন্ত্ৰী হিচাপে অ’লিৰ স্থিতি সোলক-ঢোলক হৈ পৰিছে আৰু তেওঁৰ দলেই এতিয়া তেওঁ পদ এৰাটো বিচাৰিছে।

নেপাল কমিউনিষ্ট পাৰ্টি প্ৰকৃততে দুটা কমিউনিষ্ট দলৰ জোঁটবন্ধন। ইয়াৰে এটাৰ অধ্যক্ষ হৈছে পুষ্প কুমাৰ দাহাল যাক প্ৰচণ্ড নামেৰেও জনা যায়।

আনহাতে, দ্বিতীয়টো দলৰ অধ্যক্ষ হৈছে কে পি শৰ্মা অ’লি। প্ৰচণ্ডই দুবাৰকৈ নেপালৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁৰ সমৰ্থকসকলে প্ৰধান মন্ত্ৰী অ’লিৰ বিৰুদ্ধে দল আৰু চৰকাৰক দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে।

নিজৰ পদবী ধৰি ৰখা তথা ৰাষ্ট্ৰবাদ জাহিৰ কৰাৰ বাবে অ’লিয়ে ভাৰতৰ বিৰুদ্ধে এক জটিল সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ইয়াৰ ফলত ঢৌ সলনি হৈ পৰিছে।

এই সপ্তাহত অ’লি চৰকাৰে কেইবাটাও ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সংসদত বিৰোধীয়ে উত্থাপন কৰা এক প্ৰস্তাৱত কোৱা হৈছে যে চীনে নেপালৰ ৬৪হেক্টৰতকৈয়ো অধিক ভূমি বেদখনল কৰিছে।

নেপাল কমিউনিষ্ট পাৰ্টিৰ স্থায়ী সমিতিৰ বৈঠকত ইয়াৰে ৪৪জন সদস্যৰ ভিতৰত মাত্ৰ  ১১ জন সদস্যইহে অ’লিৰ পক্ষত থাকে। তদুপৰি, এই বৈঠক আগলৈ চলাই নিবলৈ বিচৰা হৈছিল যদিও প্ৰধান মন্ত্ৰী অ’লিয়ে তাতা উপস্থিত নথকাৰ সিদ্ধান্ত লয়।

ইয়াৰ পূৰ্বে নেপালত থকা চীন ৰাষ্ট্ৰদূতগৰাকীয়ে এনে ঘটনাত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰে। তেওঁ শাসকীয় দলৰ সদস্যসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংঘাত দূৰ কৰাৰ লগতে চৰকাৰখন বচোৱাৰ প্ৰয়াস কৰে।

প্ৰধান মন্ত্ৰী অ’লিয়ে দুটা পাৰ্টিৰ মাজত ওলমি ৰৈছে। তেওঁ ভাৰতক এৰি চীনক আঁকোৱালি লৈছে। কিন্তু এই পথত তেওঁ উজুটি খাবলগীয়া হৈছে।

অ’লিয়ে চীনৰ হাতত দেশৰ ভূমি সমৰ্পণ কৰিছে। তেওঁ ভাৰতৰ সহানুভুতিও হেৰুৱাইছে আৰু লগতে নিজৰ লোকৰ বিশ্বাসো হেৰুৱাবলৈ আৰম্ভ কৰিছে।

আটাইতকৈ ডাঙৰ কথা নিজৰ দলৰেই সদস্যৰ সমৰ্থন হেৰুৱাই সংকটৰ সন্মুখীন হৈছে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি।

Recent News

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd