ভাৰতৰ সৈতে সংঘাত অব্যাহত থকাৰ মাজতে নেপালৰ ৰাজনৈতিক পৰিস্থিতিৰ সঘন পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে কেবিনেট বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীক সাক্ষা কৰে।
ইয়াৰ পাছতে জৰুৰী কেবিনেট বৈঠকত চলিত বাজেট অধিৱেশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বাতৰি অনুসৰি, প্ৰধান মন্ত্ৰী অ’লিয়ে এতিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব পাৰে।
উল্লেখ্য যে ভাৰতৰ সৈতে মানচিত্ৰকলৈ হোৱা বিবাদৰ পাছৰে পৰা কে পি অ’লিৰ বিৰুদ্ধে দলত বিৰোধিতা আৰম্ভ হয়।
দলটোৰ নেতাসকলে প্ৰথমতে কেপি শৰ্মা অ’লিক প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ কোৱাৰ পাছত দলৰ মুৰব্বী পদ ত্যাগ কৰাৰো দাবী কৰে।
জানিব পৰা মতে, প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সময়তে তেওঁৰ অনুপস্থিতিতে কমিউনিষ্ট দলৰ ষ্টেণ্ডিং কমিটিৰ বৈঠক চলি আছিল।
যোৱা কেইদিন ধৰি প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰচণ্ডৰ নেতৃত্বত যেতিয়াৰে পৰা বিৰোধিতা আৰম্ভ হৈছে তেতিয়াই কে পি অ’লিৰ চকীলৈ সংকট আহি পৰিছে।
আনহাতে, প্ৰধান মন্ত্ৰী অ’লিয়ে তেওঁৰ চকীলৈ অহা সংকটৰ আঁৰত ভাৰতৰ হাত থকা বুলি কৈছে যদিও কোনো প্ৰমান দাঙি ধৰিব পৰা নাই।
ইপিনে, প্ৰচণ্ডই কৈছে যে ভাৰতৰ ওপৰত অভিযোগ অনাৰ আগতে তেওঁ ভাৱি চোৱা উচিত।