• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ হৈছে কি? উত্তৰাখণ্ডৰ পাছত এইবাৰ বিহাৰত বন্ধ কৰিলে ভাৰতৰ ঘাইপথ নিৰ্মাণৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 7:05 pm
indo_nepal_relationship-2

বিহাৰৰ ভাৰত-নেপাল সীমান্তৰ ছবি। ফটো সৌজন্য: ইন্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে উত্তৰাখণ্ডৰ ধাৰাচুলাৰ পৰা লিপুলেখলৈকে ৰাস্তা নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিছিল নেপালে।

ইয়াৰ পাছতে সংবিধান সংশোধন কৰি কে পি শৰ্মা অ’লিৰ চৰকাৰে ভাৰতৰ তিনিখন ঠাই নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰে।

বিষয়টোক লৈ দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা সংঘাত এতিয়াও চলি আছে।

ইপিনে, ইয়াৰ মাজতে এইবাৰ বিহাৰৰ সীতামাৰি জিলাৰ নেপাল সীমান্ত অঞ্চলত ভাৰতে নিৰ্মাণ কৰি থকা এটা ঘাইপথৰ কাম নেপালে বন্ধ কৰি দিয়ে।

এতিয়া ইয়াকে লৈ পুনৰ দিল্লী আৰু কাঠমাণ্ডুৰ মাজত উত্তেজনাৰ উপক্ৰম হৈছে।

বিহাৰৰ ৬৩১ কিলোমিটাৰ জোৰা অঞ্চল নেপালৰ সৈতে সীমান্তত আছে। বিহাৰ চৰকাৰে ইমানদিন ধৰি এই অঞ্চলত ৰাস্তা নিৰ্মাণৰ কাম কৰি আহিছে যদিও কোনোদিনে বাধাৰ সন্মুখীন হোৱা নাছিল।

পিচে, কিছুদিন ধৰি বিহাৰ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামত নেপাল চৰকাৰে বাধা দিবলৈ লৈছে।

কেইদিনমান আগতে ৰাজ্যখনৰ চম্পাৰণ জিলাৰ নেপাল সীমান্তৰ সমীপত থকা লালবকেয়া নদীৰ ওপৰত নিৰ্মাণ কৰা এটা বান্ধৰ কামত তেওঁলোকে বাধা দিছিল।

সেই সময়ত নেপালৰ সীমান্তৰক্ষী বাহিনীয়ে সিপাৰৰ পৰা গুলীচালনা কৰি সীতামাৰিৰ এজন বাসিন্দাক নিহত কৰে।

এইবাৰ নেপালে সীতামাৰিৰ পৰা ভিট্টাম’ৰলৈকে নিৰ্মাণ কৰা ঘাইপথৰ কাম বন্ধ কৰি দিয়ে। ভাৰতে নো মেনছ লেণ্ডৰ ওপৰত এই পথ নিৰ্মাণ কৰা বুলি নেপালে অভিযোগ কৰিছে।

কিন্তু সংশ্লিষ্ট ভাৰতীয় বিষয়াসকলে তেওঁলোকৰ এই দাবী মিছা বুলি অস্বীকাৰ কৰিছে।

বুধবাৰে নেপালৰ সীমান্তৰক্ষী বাহিনীৰ লোকে বাধা দিয়াত সৃষ্টি হোৱা উত্তেজনাৰ পাছত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু সীতামাৰি জিলাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

বিহাৰ চৰকাৰৰ প্ৰশাসনে এই বিষয়ৰ বিস্তৃত প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে।

Recent News

অসম কন্যাৰ সফলতাঃ Britain’s Got Talentৰ ফাইনেলত প্ৰৱেশ কৰিছে কণমানি নৃত্যশিল্পী বিনিতা চেত্ৰী

অসম কন্যাৰ সফলতাঃ Britain’s Got Talentৰ ফাইনেলত প্ৰৱেশ কৰিছে কণমানি নৃত্যশিল্পী বিনিতা চেত্ৰী

কিমানগৰাকী পত্নীৰ গৰাকী ইলন মাস্ক? বৈধ-অবৈধ অনেক নাৰীয়ে অনুপ্ৰেৰণা যোগাইছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীক

কিমানগৰাকী পত্নীৰ গৰাকী ইলন মাস্ক? বৈধ-অবৈধ অনেক নাৰীয়ে অনুপ্ৰেৰণা যোগাইছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীক

ভাৰতৰ ‘জল যুদ্ধ’ই বিপদ মাতিছে ২৪ কোটি পাকিস্তানীলৈ! ইছলামবাদে ৰাষ্ট্ৰসংঘত দাখিল কৰিলে অভিযোগ

ভাৰতৰ ‘জল যুদ্ধ’ই বিপদ মাতিছে ২৪ কোটি পাকিস্তানীলৈ! ইছলামবাদে ৰাষ্ট্ৰসংঘত দাখিল কৰিলে অভিযোগ

কেৱল ধন উদ্ধাৰ কৰিলে নহ’ব, ‘দাবী কৰা আৰু আদায়ৰ’ প্ৰমাণ নোহোৱালৈ দোষী সাব্যস্ত নহ’ব: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

কেৱল ধন উদ্ধাৰ কৰিলে নহ’ব, ‘দাবী কৰা আৰু আদায়ৰ’ প্ৰমাণ নোহোৱালৈ দোষী সাব্যস্ত নহ’ব: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd