NORTHEAST NOW (Assamese)

চোৰাংচোৱাগিৰিৰ অভিযোগ! ৰাছিয়াৰ কূটনীতিকসকলক দেশ এৰিবলৈ ক’লে নেডাৰলেণ্ডে

February 19, 2023 9:34 am · এন ই নাও নিউজ, গুৱাহাটী
নেডাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰী ৱাপকু হুকস্ট্ৰা।

মস্কোৰ বিৰুদ্ধে নেডাৰলেণ্ডে তেওঁলোকৰ দেশলৈ চোৰাংচোৱা পঠিয়াবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই কাৰণে কেইবাজনো ৰাছিয়াৰ কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছে বুলি জানিবলৈ দিছে ডাচ চৰকাৰে।

বাতৰি অনুসৰি, আন্তৰ্জাতিক অপৰাধ আদালত আৰু বিশ্বব্যাপী ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ ৱাটচডগ নেডাৰলেণ্ডত অৱস্থিত। ডাচ চৰকাৰে দেশখনলৈ চোৰাংচোৱা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত কেইবাজনো ৰাছিয়াৰ কূটনীতিবিদক বহিষ্কাৰ কৰিছে।

ঘটনাটোক ৰাছিয়াৰ সৈতে নেডাৰলেণ্ডৰ কূটনৈতিক সম্পৰ্কৰ “শেহতীয়া মোৰ” বুলি বৰ্ণনা কৰা হৈছে।

যোৱা বছৰ ফেব্ৰুৱাৰীত মস্কোৱে যেতিয়া কিয়েভত এক সম্পূৰ্ণ সামৰিক অভিযান আৰম্ভ কৰিছিল তেতিয়াই ডাচ চৰকাৰৰ সৈতে ৰাছিয়াৰ কূটনৈতিক বিবাদ আৰম্ভ হৈছিল। আমষ্টাৰডামে ১৭ জন ৰাছিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মস্কোৱে ১৫ জন ডাচ কূটনীতিবিদক বহিষ্কাৰ কৰে।

শনিবাৰে এক বিবৃতিত নেডাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰী ৱাপকু হুকস্ট্ৰাই কয়, “সমস্যাটো সমাধান কৰিবলৈ আমাৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা কৰা হৈছে। কিন্তু কূটনীতিবিদসকলৰ ছদ্মবেশত ৰাছিয়াই নেডাৰলেণ্ডত চোৰাংচোৱা বিষয়াক প্ৰৱেশ কৰাব বিচাৰিছে। আমি এতিয়া বা কেতিয়াও এইটো হ’বলৈ নিদিওঁ।‘’

তেওঁ লগতে কয় যে ৰাছিয়াৰ সৈতে তেওঁৰ দেশৰ সম্পৰ্ক যিকোনো সময়ৰ পৰা জটিল হ’লেও যোগাযোগৰ মাধ্যম হিচাপে দূতাবাস মুকলি ৰখাটো গুৰুত্বপূৰ্ণ।

বাতৰি অনুসৰি, ৰাছিয়াৰ কূটনীতিবিদসকলক নেডাৰলেণ্ড এৰিবলৈ দুসপ্তাহ সময় দিয়া হৈছে। আনহাতে, আমষ্টাৰডামত থকা ৰাছিয়াৰ এটা ব্যৱসায়িক কাৰ্যালয় মঙলবাৰৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related News