DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেডিকেলত নামভৰ্তিত NEET নিৰ্ধাৰিত আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 19, 2023 10:49 am
168
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET) ফেডাৰেলিজমৰ উলংঘন আৰু স্বৈৰাচাৰী বুলি দাবী কৰি মেডিকেলত নামভৰ্তিৰ চৰ্ত হিচাপে এই পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা আইনৰ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

সংবিধানৰ অনুচ্ছেদ ১৩১-ৰ অধীনত দাখিল কৰা মূল গোচৰত ৰাজ্যখনে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আইন, ২০১৯ ৰ ধাৰা ১৪, ভাৰতীয় ঔষধ প্ৰণালী আইন, ২০২০ আৰু ৰাষ্ট্ৰীয় হোমিঅ’পেথি আয়োগ আইন, ২০২০, স্নাতকোত্তৰ চিকিৎসা শিক্ষা নিয়মাৱলী, ২০০০, নিয়মাৱলী ৯ আৰু ৯ এ,  বিডিএছ পাঠ্যক্ৰম নিয়মাৱলী, ২০০৭-ৰ নিয়মাৱলী ১(২)ৰ ১(৫) আৰু ২য়ে সমতাৰ মৌলিক অধিকাৰ আগবঢ়োৱা সংবিধানৰ অনুচ্ছেদ ১৪ উলংঘা কৰা বুলি ঘোষণা কৰাৰ আৰ্জি জনাইছিল।

গোচৰটোত ৰাজ্যখনে যুক্তি দিছে যে NEET “ফেডাৰেল গাঁথনি”ৰ উলংঘাকাৰী কিয়নো ই ৰাজ্যসমূহক চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰী আসনত শিক্ষাৰ্থীসকলক ভৰ্তি কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত কৰিছে। এই সন্দৰ্ভত NEETক “স্বেচ্ছাচাৰী” বুলি  যুক্তি দাঙি ধৰি তামিলনাডু চৰকাৰে কয় যে পৰীক্ষাটোৱে ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে আৰু গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকলক অসুবিধাত পেলাইছে।

গোচৰটোত যুক্তি দিয়া হৈছে, “যিহেতু NEET চিবিএছই পাঠ্যক্ৰম আৰু পৰীক্ষাৰ পদ্ধতিৰ ওপৰত আধাৰিত, ই পৰোক্ষভাৱে তামিলনাডু ৰাজ্যৰ বিদ্যালয় আৰু শিক্ষাৰ্থীসকলক চিবিএছই/এনচিইআৰটি বোৰ্ড বাছনি কৰিবলৈ বাধ্য কৰিব যি ফেডাৰেল গাঁথনিৰ উলংঘন।”

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ২০২০ চনত খ্ৰীষ্টান মেডিকেল কলেজ, ভেলোৰ বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত NEETৰ বৈধতা বজাই ৰাখিছিল। ২০২১ চনত, ডিএমকে চৰকাৰে তামিলনাডু বিধানসভাত চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহক NEET ৰ পৰা ৰেহাই দিয়া এখন বিধেয়ক গৃহীত কৰে। অৱশ্যে, বিধেয়কখন এতিয়াও ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে অপেক্ষা কৰি আছে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd