প্ৰতিবাদত উত্তাল নেদাৰলেণ্ড; ২৪০০ পৰিৱেশ কৰ্মীক গ্ৰেপ্তাৰ

পৰিৱেশ কৰ্মীসকলৰ প্ৰতিবাদৰ বাবে অস্থিৰ হৈ পৰিছে ইউৰোপৰ এখন দেশ নেদাৰলেণ্ড। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰিবলগীয়া হৈছিল। কিন্তু সেইটোৱে কামত নাহিল। সমগ্ৰ দেশতে কমেও ২৪০০ পৰিবেশ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

যোৱা শনিবাৰে নেদাৰলেণ্ডৰ ৰাজপথত লাখ লাখ পৰিৱেশ কৰ্মীয়ে জীৱাশ্ম ইন্ধনৰ বাবে চৰকাৰী ৰাজসাহায্য বন্ধ কৰাৰ দাবী জনাইছিল। দ্য হেগ চহৰৰ এ ১২ ৰাষ্ট্ৰীয় পথত অনুষ্ঠিত হয় মূল প্ৰতিবাদী সমদল।

লগতে পঢ়ক: জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত অভিনয়ৰ পৰা বিৰতি; এইবাৰ ৰাজনীতিত ভৰি দিব সামান্থাই!

সেই সমদলত প্ৰশাসনৰ নিষেধাজ্ঞাক আওকাণ কৰি ১০ হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে অংশ লৈছিল। পিছত প্ৰতিবাদকাৰীসকলে সেই পথটো অৱৰোধ কৰি পেলায়। ইয়াৰ বাবেই যাতায়ত কাৰ্যতঃ ব্যাহত হৈ পৰে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰে।

এ ১২ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত যুৱক-যুৱতীসকলৰ উপস্থিতি লক্ষ্যণীয় হৈ পৰিছিল। প্ৰতিবাদৰ ৰূপো আছিল একেবাৰে বেলেগ। প্লেকাৰ্ড-পোষ্টাৰৰ লগতে বহুতে আনিছিল বিশাল আকাৰৰ গ্ল’ব। তাৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান লিখা আছিল।

আৰক্ষীয়ে এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ পৰা ২৪ হাজাৰ পৰিৱেশ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ মাজত যুৱক-যুৱতীৰ সংখ্যা উল্লেখযোগ্য। একে সময়তে পানীৰ কামান আৰু নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কোনো লোক আহত হোৱা নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: ৩৬ৰ দুৰন্ত তৰুণ! ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম, ইউ এছ অ’পেনত জয়লাভ কৰি জ’কভিচৰ নতুন অভিলেখ

প্ৰতিবাদকাৰীসকলে ঘোষণা কৰে যে চৰকাৰে ৰাজহুৱা ধনেৰে তেল আৰু গেছ উদ্যোগক ৰাজসাহায্য প্ৰদান কৰিছে। এই ৰাজসাহায্য বন্ধ নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব।