• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কই লগ নেৰা মহানগৰীৰ এখন ফ্লাই অভাৰ; দেৱালত ‘গুৰু আসন’; তামোল-গুটখাৰ পিক, ফেইচবুকত ধুমুহা

শীঘ্ৰে ‘উৰণীয়া সেঁতু’ৰ পৰা ‘গুৰু আসন’ আঁতৰ কৰোৱাৰ দাবীৰে ফেচবুকত উঠিল জোৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 22, 2020 8:40 pm
122417393_1043385172750321_4001093394772683930_o

গণেশগুৰিৰ উৰণীয়া সেঁতুত গুৰু আসন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুভাৰম্ভ হোৱাৰ দিনাই এটাৰ পাছত আন এটা বিতৰ্কই লগ নেৰা হৈছে গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুক।

এফালে যদি নিৰ্মাণত থকা আঁসোৱাহ বিতৰ্ক আনফালে আকৌ ফ্লাইঅভাৰৰ দেৱালত গুৰু আসনৰ দৃশ্য অংকন কৰাক লৈ বিতৰ্ক।

প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰাধা গোবিন্দ পথৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতু সংযোগী উৰণীয়া সেঁতুৰ দেৱালত ‘গুৰু আসন’ৰ দৃশ্য অংকনক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে।

শীঘ্ৰেই উক্ত স্থানৰ পৰা ‘গুৰু আসন’ৰ দৃশ্যাংশ মচি পেলাবৰ বাবেও ছ’চিয়েল মেডিয়াত দাবী উত্থাপন কৰিছে একাংশই।

আজি শুভাৰম্ভণিৰ দিনাই তামোল-গুটখাৰ পিকৰে ভৰি পৰিল নতুন উৰণীয়া সেঁতু। একাংশৰ প্ৰশ্ন ‘কোনো কাণ্ডজ্ঞানহীন লোকে যদি তামোল পিকাওতে অজানিতে গুৰু আসনখনত পৰে তেন্তে সেই অপমান নিশ্চয়কৈ অসহনীয় হ’ব।

এই সন্দৰ্ভত বিশ্বজিৎ নাথে ফেইচবুকত লিখি কয়, ‘গুৰুআসনক ৰাজপথত স্থান নিদিব চৰকাৰ বাহাদুৰ ! এই নতুন ফ্লাইঅভাৰখনৰ ওপৰত তামোল বা গুটখাৰ পিকপেলাই কোনোবাই ঘোষণা(!) কৰিলে আমি মহানাগৰিক হ’বলৈ বহুত বাকী। কাপোৰ-কানিৰে মানুহ জেন্টলমেন হ’ব নোৱাৰে। মানুহ সংস্কাৰৰ দ্বাৰাহে প্ৰকৃত ভদ্ৰলোক হয়। এইখন গুৱাহাটীত জন্ম হৈছো। শৈশৱ,কৈশোৰ, যৌৱন পাৰ কৰিছো। সেয়ে ধনৰ ধনী আৰু মনৰ ধনীবোৰ চিনি পাবলৈ বেছি সময় নালাগে।‘

175e3000-0084-409e-bec1-31e11626baa5

‘তথাকথিত সৌন্দৰ্যৰ নামত আমাৰ পবিত্ৰ নামঘৰ-সত্ৰত থকা গুৰুআসনৰ প্ৰতীকক ছবিৰ ৰূপত দাঙি ধৰা হৈছে। কালিলৈ এই গুৰুআসনৰ ছবিখনৰ ওপৰত কোনোবা জেন্টেলমেনে(!) যদি পিকাই থৈ যায়। তেতিয়া কি হ’ব ! ইয়াৰ দোষৰ ভাগি কোন হ’ব?’ নাথে লগতে লিখি কয়।

তেওঁ আৰু কয়, ‘অসমীয়াৰ চেন্টিমেন্টক লৈ খেলা কৰাৰ অধিকাৰ কাৰোৱেই নাই। সেয়া ৰজাঘৰেই হওক অথবা প্ৰজাঘৰেই নহওক কিয় ! সেয়ে চৰকাৰ বাহাদুৰ অনতিপলমে এই গুৰুআসনৰ প্ৰতিকৃতি ৰাজপথৰ পৰা মচি পেলাওক। গুৰুআসন ভাগিক নামঘৰ-সত্ৰতেই ৰাখক। গুৰুআসন স্বয়ং ভগৱন্তৰ বাঙ্ময় ৰূপ। চৰকাৰ বাহাদুৰ আপোনালোকে যিদৰে গুৰুআসনক ৰাজপথত স্থান দিলে ঠিক তেনেদৰে কোনোবা মছজিদ বা গীৰ্জাৰ ফটো এইদৰে ৰাজপথত অংকণ কৰাৰ দু:সাহস কৰিলেহেঁতেন নে ! নোৱাৰে। ইয়াত আপোনালোকৰ চেক্যুলাৰিজীম ফাটি পৰে।‘

‘অসমীয়াৰ জাতীয় জীৱনৰ এই পবিত্ৰ বস্তুভাগিক লৈ “হেড-টেইল” কৰা বন্ধ কৰক। ইয়াক মৰ্যাদা দিয়ক। ধৰ্ম ৰক্ষা কৰিলেহে ধৰ্মই আমাক ৰক্ষা কৰিব। গুৰুজনা আৰু গুৰুধৰ্মক অপমান নকৰিব। জয় গুৰু শঙ্কৰ।‘ শেষত নাথে লিখি কয়।

1dcf4da8-714c-4586-8db7-04bb1ede7217

আনহাতে, এই সন্দৰ্ভত অচ্যুতকৃষ্ণ কলিতাই নিজৰ ফেইচবুক ৱালত লিখি কয়, ‘নতুনকৈ নিৰ্মাণ হোৱা উৰণীয়া সেতুত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি সৌন্দৰ্য্য পৰিবৰ্ধনৰ চেষ্টাক শলাগ লৈছো আৰু ইয়াৰ লগতেই গুৰু আসনৰ ছবিখন আঁতৰাবলৈও দায়িত্বত ন্যস্ত থকা সকলক আহ্বান জনাইছোঁ। আমি অনুভৱ কৰিছোঁ এনে কৰিলে সাময়িক সৌন্দৰ্য্য বৃদ্ধি ঠিকেই হব কিন্তু পিছলৈ ইয়াৰ মৰ্যদা লাঘৱ হব।‘

ইয়াৰোপৰি, বিবেকানন্দ কাকতি নামৰ আন এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত লিখি কয়, ‘আজি শুভাৰম্ভ হোৱা উৰণীয়া সেঁতুখনত এই গুৰু আসন খন মোৰ বোধেৰে ঠিক হোৱা নাই.. প্ৰথম অৱস্থাত ই সৌন্দৰ্য বৰ্ধক হব ঠিকেই কিন্তু সময়ৰ লগে লগে ইয়াত যে মানুহৰ থু, পিক নপৰিব মানে নেই। ৰাইজে বা কি ভাবে.।‘

ইপিনে, এই সন্দৰ্ভত খিলঞ্জীয়া ভুমিপুত্ৰ নামৰ ফেইচবুক একাউন্টৰ পৰা দাবী জনাই কয়, ‘দেৱালৰ পৰা গুৰু আসনখন মচি পেলাওঁক, নহ’লে অপশক্তিয়ে এইখনক লেতেৰা কৰিব সেয়া অপ্ৰিয় হ’লেও সত্য।‘

এনেদৰেই এতিয়া ‘উৰণীয়া সেঁতু’ত গুৰুৰ আসন অংকনক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে একপ্ৰকাৰৰ ধুমুহা বলিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd