চলিত হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগৰ পঞ্চম সংস্কৰণত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে নৰ্থ-ইষ্ট য়ুনাইটেড ফুটবল ক্লাবে। বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনতো নৰ্থ-ইষ্ট য়ুনাইটেডে উজ্জ্বীৱিত প্ৰদৰ্শনৰ সহায়ত ১-১ গ’লত ড্ৰ খেলিবলৈ সক্ষম হয়।
কালিৰ মেচখনত আৰম্ভণিৰ পৰাই ঘৰুৱা দল নৰ্থ-ইষ্টে দুৰ্দান্ত খেল আগবঢ়োৱাৰ সুবাদতে প্ৰথমাৰ্ধৰ ২০ মিনিটত অধিনায়ক অগবেচৰ গ’লৰ সহায়ত মেচখনত ১-০ৰ অগ্ৰগতি লাভ কৰে।
দ্বিতীয়াৰ্ধতো আক্ৰমণৰ ধাৰা অব্যাহত ৰাখে নৰ্থ-ইষ্ট য়ুনাইটেডে। কিন্তু অখেলুৱৈসুলভ মনোভাৱৰ বাবে এম কমৰিক্সিক খেলৰ দ্বিতীয়াৰ্ধত ৰঙা কাৰ্ড দিয়াত ঘৰুৱা দলটোৱে ১০জন খেলুৱৈৰে যুঁজ দিবলগীয়া হয় মেচৰ বাকী অংশ। এই সুযোগ গ্ৰহণ কৰিয়েই জামছেদপুৰৰ এফ চৌধুৰীয়ে খেলৰ ৪৯ মিনিটত সমতা সূচক গ’লটো প্ৰদান কৰে।
পৰৱৰ্তী সময়ত দুয়োটা দলে যথেষ্ট চেষ্টা চলাই যদিও গ’ল দিয়াৰ সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হয় আৰু মেচখন ১-১ গ’লত ড্ৰ হয়। ড্ৰ খেলাৰ ফলস্বৰূপে ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে বৰ্তমানলৈ চাৰিখন মেচ খেলি দুখনত জয়লাভ কৰাৰ বিপৰীতে আন দুখন ড্ৰ খেলাৰ সুবাদতে ৮ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয়।
আনহাতে, অহা ৩০ অক্টোবৰত নৰ্থ-ইষ্ট য়ুনাইটেডে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দিল্লী ডাইনামোছ এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব।