NORTHEAST NOW (Assamese)

বাক্সাৰ নাগ্ৰীজুলিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন

December 11, 2021 3:14 pm · দীপক কুমাৰ পাঠক, বাক্সা

বাক্সা জিলাৰ তামুলপুৰ।শিক্ষাখণ্ডৰ অধীনত নাগ্ৰীজুলিত নিৰ্মিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন এটি আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

ভৱনটো এক মাংগালিক পৰিবেশত অনুষ্ঠানিকব ভাবে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাসে।

ভৱনটোৰ মুকলি অনুষ্ঠানত উঅপস্থিত থাকে জিলা আঁচনি বিষয়া মহেন্দ্ৰ বড়ো, তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুঙুৰ বড়ো, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ ভানু মজুমদাৰৰ উপৰিও অঞ্চলটোৰ ভালে সংখ্যক ব্যক্তি।

ভৱন মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত ভৱনটোৰ উদ্বোধক ডঃ ধৰ্মনাৰায়ণ দাসে বিদ্যালয়ৰ ছাত্ৰী সকলক উদ্দেশ্যি শিক্ষাৰ দিশৰ ওপৰত পৰামৰ্শমূলক ভাষণ ৰাখি ছাত্ৰী সকলক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱাৰ বাবে আহ্বান জনায়।

Related News