NORTHEAST NOW (Assamese)

নিৰ্বাচনী টোপ? : অপমৃত্যু ঘটা ‘অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটী’ আকৌ গঠন কৰাৰ প্ৰতিশ্ৰুতি

February 24, 2019 7:58 am · এন ই নাও নিউজ
Updated: February 24, 2019 7:59 am
গুৱাহাটীত এখন দলীয় সভাত শিৱৰাজ সিং চৌহান। ২৩ ফেব্ৰুৱাৰিত।

৫ বছৰে কেন্দ্ৰত শাসনত থাকিও একো নকৰাৰ পিছত কাৰ্য্যকাল ওকলি যোৱাৰ সময়ত ৰাজনৈতিক অংকৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কমিটী গঠনেৰে অসমৰ জনগণক টোপ দিব বিচাৰি এবাৰ মুখথেকেচা খোৱা বিজেপি চৰকাৰে পুনৰ গঠন কৰিব এই কমিটীখন। ২৩ ফেব্ৰুৱাৰিত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে গুৱাহাটীত এই কথা প্ৰকাশ কৰিছে।

অৱশ্যে চৌহানে এই নতুন কমিটীখনত কোন কোন থাকিব বা তাৰ কাৰ্য্যকাল কিমান দিনীয়া হ’ব, প্ৰতিবেদন দাখিলৰ সময়সীমা এইবোৰ দিশৰ একো ইংগিত দিয়া নাই।

উল্লেখ কৰিব পাৰি যে পূৰ্বে কেন্দ্ৰীয় কেবিনেটে এই উদ্দেশ্যে গঠন কৰা কমিটীখন গঠন কৰাৰ পিছ মুহূৰ্ততে মৃত্যুমুখত পৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আন্দোলনমুখী হৈ থকা অসমৰ জনগণক সন্তুষ্ট কৰিবলৈ গৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কেবিনেটে ৭ জানুৱাৰিত খৰখেদাকৈ এই কমিটীখন গঠন কৰিছিল। আনকি কমিটীত অন্তৰ্ভুক্ত ব্যক্তিসকলক তেওঁলোকৰ সন্মতি অবিহনেই অন্তৰ্ভুক্ত কৰা হৈছিল বুলি পিছত অভিযোগ উঠিছিল। কমিটীখনত থাকিবলৈ নাৰাজ হৈছিল আছুৰ নেতৃত্বকে ধৰি প্ৰায়সংখ্যক সদস্যই। শেষত কমিটীখনৰ অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱায়ো পদত্যাগ কৰাত কমিটীখনৰ অপমৃত্যু ঘটিছিল।

পূৰ্বৰ কমিটীখনত অধ্যক্ষ বেজবৰুৱাৰ উপৰি আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱ, অসম সাহিত্য সভাৰ আন এজন প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া, মুকুন্দ ৰাজবংশী, ৰমেশ বৰপাত্ৰ গোহাঁই আৰু আছুৰ এজন প্ৰতিনিধি।

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ কাৰ্য্যকাল অহা মে’ মাহত অন্ত পৰিব। গতিকে দ্বিতীয়খন কমিটী হাতত তিনি মাহো সময় নথকা বিজেপি চৰকাৰৰ অসমৰ ৰাইজলৈ নিৰ্বাচনী টুপীত পৰিণত হ’বগৈ পাৰে।

Related News