ফুটবল খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্ষ ফুটবলাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰয়াস চলাই অহা বৰপেটাৰ অন্যতম ক্ৰীড়া সংগঠন ‘আভা স্প’ৰ্টছ এণ্ড এডুকেশ্বনেল ফাউণ্ডেচন’ৰ উদ্যোগত অনুষ্ঠিত আভা প্ৰাইজমাণী ভেটাৰেণ ফুটবল প্ৰতিযোগিতাত বাৰাদী এফ চিয়ে চেম্পিয়নৰ খিতাপ লাভ কৰে।
উত্তৰ বৰপেটা হাইস্কুল খেলপথাৰত ২৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত চূড়ান্ত খেলখনত বাৰাদী এফ চিয়ে ঢাকালীয়াপাৰা হোলী চেভেন ষ্টাৰ ক্লাৱক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলৰ হৈ বিপুল দাস আৰু অৰূপ ৰায়ে এটাকৈ গ’ল কৰাৰ বিপৰীতে ঢাকালীয়াপাৰাৰ একমাত্ৰ গ’লটো দিয়ে মিথুন হাছানে।
চূড়ান্ত খেলখন উদ্বোধন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে। বঁটা বিতৰণী অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুলাল চহৰীয়া, আভাৰ সভাপতি হজৰত আলী, চেন্ট টেৰেছা ইংৰাজী স্কুলৰ সভাপতি বি কে শৰ্মা, ট্ৰফী দাঁতা ইউনাইটেড ড্ৰাগছ এজেন্সিৰ হৈ আনোৱাৰ হুছেইন, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, আভাৰ সম্পাদক আলতাফ হুছেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিজয়ী দলক ট্ৰফীৰ লগতে বিশ হাজাৰ টকা আৰু বিজেতা দলক ট্ৰফীৰ লগতে নগদ পোন্ধৰ হাজাৰ টকা প্ৰদান কৰে।