মহানগৰীৰ তিনিখন ঠাইক নতুনকৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ
ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ তিনিখন ঠাইক নতুন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
মহানগৰীৰ বাথৌ নগৰ, মালিগাওঁৰ কৃষ্ণ নগৰ আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক নতুন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ গাত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰাৰ পাছতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
এই কন্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে কফি বোৰ্ড, দক্ষিণে এডজাচেন্ট ৰ’ড, পূৱে এছ এচ বি কেম্প আৰু পশ্চিমে কেন্দ্ৰীয় কাৰাগাৰৰ মুখ্য তোৰণ।
মালিগাঁও কৃষ্ণ নগৰৰ সীমা হৈছে উত্তৰে কৃষ্ণ নগৰ পথ, দক্ষিণে মিঠা আমতল, পূৱে আদিংগিৰি গাঁও আৰু পশ্চিমে গোশালা আদিংগিৰি পথ।
আনহাতে, বাথৌ নগৰৰ সীমা হৈছে উত্তৰে ফাকুৰাম বাসগৃহ, দক্ষিণে চিৰিয়াখানা চৌহদ পূৱে জাপৰিগোগ পাহাৰ আৰু পশ্চিমে গাঁও পথ ৷
কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চল সমূহলৈ ১৪ দিনৰ বাবে কোনো ব্যক্তি যাব নোৱাৰাৰ লগতে সেই অঞ্চলৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব।